বাগসা জিলা পৰিবহন বিভাগৰ উদ্যোগত তামুলপুৰত পথ সুৰক্ষা সজাগতা সভা

গণ বাৰ্তা , তামুলপুৰঃ বাগসা জিলা পৰিবহন বিভাগৰ উদ্যোগত আৰু তামুলপুৰ মহকুমা আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত আজি তামুলপুৰ মহকুমা সদৰৰ ঘগ্ৰাচকত পথ সুৰক্ষা সজাগতা সভা এখন অনুষ্ঠিত হয়। সভাত উপস্থিত থাকি  বাগসা  জিলা পৰিবহন বিষয়া মুনিন দাসে কয় যে যানবাহনৰ চালক সকলে যানবাহন আইন মানি গাড়ী মটৰ চলাব লাগে। যানবাহন আইন অমান্য কৰি একাংশ গাড়ী চালকে গাড়ী চলোৱাৰ বাবেই ৰাজ্যত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা সমূহ। এই সজাগতা সভাত উপস্থিত থাকি যানবাহন পৰিদর্শক ক্ষীৰোদ দাসে কয় যে যেন বাহন চলোৱাৰ সময়ত চালক সকলে নিজৰ অনুজ্ঞাপত্ৰ উলিয়াই লোৱা আৰু গাড়ীখনৰ বীমাকৰণ কৰাই লোৱাটো নিত্যান্তই প্ৰয়োজন। বহু গাড়ী চালকে নিজৰ অনুজ্ঞাপত্ৰ নথকাকৈ গাড়ী চলাই নিজৰ জীৱনৰ লগতে অন্য যাত্ৰী তথা পথচাৰীলৈ বিপদ মাতি অনা পৰিলক্ষিত হোৱা দেখা যায়। গাড়ীত উপযুক্ত প্ৰতিফলক ব্যৱহাৰ নকৰাৰ ফলতো বহু পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰি যানবাহন পৰিদৰ্শক ক্ষীৰোদ দাসে আইন অনুযায়ী গাড়ীৰ আগে পিছে উপযুক্ত প্ৰতিফলক ব্যৱহাৰ কৰি পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ৰাইজক আহ্বান জনায়।
আজিৰ এই সজাগতা সভাত উপস্থিত থাকি এনফৰ্চমেণ্ট পৰিদৰ্শক ৰঞ্জিত দাসে কয় যে বেছিভাগ চালকে মদ্যপান কৰি গাড়ী চলোৱাৰ বাবেই ৰাজ্যত সংঘটিত হৈ আহিছে অধিকাংশ পথ দুৰ্ঘটনা। গাড়ী চলোৱাৰ সময়ত যাতে কোনো চালকে মদ্যপান নকৰে সেই ক্ষেত্ৰত চালক সকল সজাগ হোৱাৰ উপৰিও যাত্ৰীবাহী গাড়ীত উঠা যাত্ৰী সকলো সজাগ হোৱাটো দৰকাৰ যাতে চালক সকলৰ দুষ্কাৰ্যৰ বাবে পথ দুৰ্ঘটনা সংঘটিত নহয়। তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী পৰিদৰ্শক অসীম বৰাই সভাত উপস্থিত ৰাইজক উদ্দেশ্যি কয় যে একাংশ অভিভাৱকে উপযুক্ত বয়স নোহোঁতেই বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ হাতত বাহন তুলি দি নিজৰ সন্তানৰ ভৱিষ্যত বিপদলৈ ঠেলি দিয়া পৰিলক্ষিত হয়। তামুলপুৰ মহকুমাত কৃষি ক্ষেত্ৰৰ বাবে অনুজ্ঞাপত্ৰ থকা ট্ৰেক্টৰ শিল-বালি-মাটি কঢ়িওৱা কামত ব্যৱহাৰ কৰা বুলি বক্তব্য ৰাখে। ইয়াৰ উপৰিও ট্ৰাক-ডাম্পাৰ আদিয়েও যানবাহন আইন অমান্য কৰি চলাচল কৰি পথচাৰীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা বুলি ক্ষোভ প্ৰকাশ কৰে।
এনেদৰে অবৈধ ভাৱে চলাচল কৰা ট্ৰেক্টৰ আৰু আইন অমান্য কৰা ডাম্পাৰ সমূহক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা লবলৈ আৰক্ষী বিষয়া গৰাকীয়ে বাগসা  জিলা পৰিবহন বিভাগক আহ্বান জনায়। সভাত উপস্থিত থাকি তামুলপুৰ মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত হৃদয় কুমাৰ দাসেও গাড়ী চালক সকলক যানবাহন আইন মানি গাড়ী চলাই নিজৰ জীৱনৰ লগতে অন্য সাধাৰণ ৰাইজৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰাৰ আহ্বান জনায়। সভাৰ শেষত বাগসা জিলা পৰিবহন বিষয়া মুনিন দাসে অবৈধ ভাৱে চলাচল কৰা ট্ৰেক্টৰ, ডাম্পাৰ, ট্ৰাক আদিৰ বিৰুদ্ধে অভিযান চলাই তেনে বাহন সমূহৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লব বুলি সভাত উপস্থিত ৰাইজ আৰু চালক সকলৰ আগত সদৰী কৰে।

The post বাগসা জিলা পৰিবহন বিভাগৰ উদ্যোগত তামুলপুৰত পথ সুৰক্ষা সজাগতা সভা appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2ETOrGN
via IFTTT

Comments