অসম তথা উত্তৰ-পূবৰ বাবে আন হেপ্পী নিউ ইয়েৰ!

♦ প্ৰকাশ মহন্ত

এটা ভাল খবৰৰ সন্ধান। সংবাদ মাধ্যমৰ প্ৰায় সকলোৱেই বিচাৰে বছৰৰ শেষ দিনটোতকৈও প্ৰথম দিনটোৰ বাবে ৰাইজক আশাৰ ৰেঙনি দিব পৰাকৈ এটা ভাল খবৰ দিবলৈ। বিগত কিছু বছৰত অসমবাসীক দিবলৈ বিশেষ ভাল খবৰ নথকা স্বত্ত্বেও বহু সময়ত ছপা মাধ্যমৰ সাংবাদিক হিচাপে আমিও পৰা পক্ষত বেয়া খবৰটো সাঁচি থৈ হ’লেও এটা ভাল খবৰৰ সন্ধানত থাকো। আজিও ইচ্ছা আছিল কাইলৈৰ বাবে আশাহত ৰাইজক হতাশ কৰাৰ বিপৰীতে আশাৰ ৰেঙনি দেখুওৱাব পৰা এটা ভাল খবৰ হাতত পৰক। নপৰাও নহয়, সৰু-সুৰা বহুবোৰ ভাল খবৰেই পাইছো। বহুতৰ বঁটা লাভৰ খবৰ, মাডাৰ্ছ অল্ড এজ হোমৰ স্থায়ীগৃহৰ আধাৰশিলা স্থাপনৰ খবৰ, গোপাল জালানৰ দৰে কেবাজনৰো গ্ৰন্থ উন্মোচনৰ খবৰ, আই আই টিয়ে উদ্ভাৱন কৰা ব্ৰহ্মপুত্ৰৰ বালিচৰ সম্পৰ্কীয় তথ্য সন্ধানী এপছৰ খবৰ ইত্যাদি।

কিন্তু যেনেকোৱা এটা খবৰৰ বাবে সমগ্ৰ অসমবাসীয়ে বিগত এটা বছৰ অপেক্ষা কৰিছিল তেনেকুৱা খবৰ পিছে এতিয়ালৈকে নাহিল। এন আৰ চিৰ দাবী-আপত্তি দাখিলৰ শেষ দিনটোত নিশা পৰ্যন্ত সেৱা কেন্দ্ৰসমূহ খোলা ৰাখিলেও আশা কৰা মতে ইয়াত দাবী অথবা আপত্তি দাখিল কৰিবলৈ ৰাইজ উপস্থিত নহ’লহি। ইয়াৰ মানেটো নিশ্চয় নহয় যে, ইতিমধ্যে প্ৰকাশিত খচৰা এন আৰ চি খন নিৰ্ভুল আছিল। বৰঞ্চ খচৰা প্ৰকাশৰ লগে লগে যি হাৰত প্ৰতিবাদৰ জোৱাৰ উঠিছিল অথবা বিভিন্ন পক্ষই যিবোৰ সম্ভাৱনা ব্যক্ত কৰিছিল, সেয়াই খচৰাখন বহু পৰিমানে ত্ৰুটিপূৰ্ণ বুলিয়েই ৰাইজক ভাবিবলৈ বাধ্য কৰাইছিল।

সেয়ে দাবী-আপত্তি দাখিলৰ শেষ দিনটোত সেৱা কেন্দ্ৰসমূহত উবুৰি খাই পৰিবহি লাগিছিল এন আৰ চিৰ পৰা নাম বাদ পৰা লোকসকল। অথবা অন্তৰ্ভুক্ত হোৱা সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে আপত্তি জনাবলৈ অহা মানুহেৰে ভৰি পৰিব লাগিছিল সেৱা কেন্দ্ৰসমূহ। কিন্তু নিশা পৰ্যন্ত তেনে নহ’ল। এয়া উদাসীনতা নে এন আৰ চিক অগ্ৰাহ্য কৰাৰ ইংগিত সেয়া চূড়ান্ত তালিকা প্ৰকাশৰ পিছতহে ধৰিব পৰা যাব। অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যত নিৰ্ভৰ কৰা এন আৰ চিতকৈও অধিক আগ্ৰহেৰে আজিৰ দিনটোলৈ ৰাইজে বাট চাইছিল নাগৰিকত্ব সংশোধনী সন্দৰ্ভত গঠিত যুটীয়া সংসদীয় সমিতিৰ অন্তিমখন বৈঠকলৈ।

বিয়লি ৩ বজাৰ পৰা ৫বজালৈ দিল্লীত অনুষ্ঠিত হোৱা বৈঠকৰ পিছত উক্ত সংশোধনী বিধেয়কক আইনৰ ৰূপ দিয়াৰ বিপক্ষে যুটীয়া সংসদীয় সমিতিয়ে স্থিতি গ্ৰহণ কৰিব বুলিও সকলোৱে আশা কৰিছিল। কিন্তু অসমৰ ৰাইজক খিলঞ্জীয়াৰ সুৰক্ষাৰ প্ৰশ্নত আপোচ কৰা নহ’ব বুলি বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ কুটিল ৰাজনীতিত সেই আশা দুৰাশাত পৰিণত হ’ল। আচৰ্যজনকভাৱে ২৯জনীয়া সংসদীয় সমিতিৰ বৈঠকৰ অন্তত খবৰ আহিল- খচৰাখনৰ বিৰোধিতা কৰা বহু কেইজন সদস্যৰ ৰহস্যজনক অনুপস্থিতি আৰু দুই এজনৰ আপত্তি চূড়ান্তভাৱে অগ্ৰাহ্য কৰি এক প্ৰকাৰ বলপূৰ্বকভাৱেই শাসকীয় দলটোৰ সাংসদসকলে সংশোধনীৰ সপক্ষে প্ৰস্তাৱ গ্ৰহণ কৰিলে।

২৯জনীয়া সমিতিখনত ১৩জনহে বিজেপিৰ সদস্য আছিল। সেই ফালৰ পৰা শাসকীয় দলটো জেপিচিত আছিল সংখ্যালঘু। কিন্তু ৰাষ্ট্ৰপতি দ্বাৰা মনোনিত স্বপন দাস গুপ্তা আৰু বিজু জনতা দলৰ এজন সদস্যই এনে সিদ্ধান্তৰ প্ৰতি সন্মতি প্ৰকাশৰ পিছত এওঁলোকৰ সক্ষমতা ১৫জনলৈ বৃদ্ধি পালে। কেৱল সেয়ে নহয়, আন কেইজনমানে আকৌ ৰহস্যজনক কাৰণত অনুপস্থিত থাকি অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব বিপন্ন কৰাৰ পূৰ্ণ সম্ভাৱনা থকা বিধেয়কখনৰ অনুমোদনৰ পথ প্ৰসস্থ কৰি দিলে। যাৰ বাবে শাসকীয় পক্ষ ইমানেই শক্তিশালী হৈ উঠিল যে, বিধেয়কখনৰ দফা ২ত থকা বাংলাদেশৰ নাম বাদ দিয়াৰ লগতে আন যি সৰু-সুৰা সংশোধনীৰ প্ৰসংগ আহিছিল সেই সমুদায় প্ৰসংগ অগ্ৰাহ্য কৰি চৰকাৰ পক্ষই যুগুটোৱা বিধেয়কখনৰ এটা শব্দও ইফাল-সিফাল নকৰাকৈ যুটীয়া সংসদীয় সমিতিয়ে এইখনৰ প্ৰতি অনুমোদন জনালে।

নিশ্চিতভাৱেই পূৰ্বৰ আলোচনাত গ্ৰহণ কৰা সিদ্ধান্তৰ ভিত্তিত এই দফা সমূহ বাদ দিয়াতোৱেই আছিল গণতান্ত্ৰিক পৰম্পৰা। কিন্তু ক্ষমতাৰে বলিয়ান বিজেপি দলে অসমৰ বিগত পঞ্চায়ত নিৰ্বাচন আৰু ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত মুখথেকেচা খোৱাৰ পাছতো আজি সম্পূৰ্ণ দাম্ভিকতাৰে অসম বিধ্বংসী এই বিধেয়কখন এক প্ৰকাৰ চূড়ান্ত কৰি অহা ৩ জানুৱাৰীত বিভিন্ন দল-সংগঠনে দাখিল কৰা স্মাৰকপত্ৰ আৰু অভিযোগৰ সন্দৰ্ভত আলোচনাৰ এক ‘ভেকোভাওনা’ পতাৰ কথা ঘোষণা কৰিছে। পৰৱৰ্তী সময়ত ফেব্ৰুৱাৰী মাহত ১০ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ভোট অন একাউণ্টৰ বাবে সংসদৰ এক অধিবেশন অনুষ্ঠিত হ’ব।

অৱশ্যে ২০১৯ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই অধিবেশনৰ শাসক দলটোৱে বিধেয়কখন উত্থাপন কৰাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাও আহিব পাৰে। যদি সেই প্ৰতিবন্ধকতা নাহে, তেনে অৱস্থাতো লোকসভাত বলপূৰ্বক এইখন গ্ৰহণ কৰিলেও ৰাজ্য সভাত সংখ্যাগৰিষ্ঠতা নথকাৰ বাবে ইয়াৰ অনুমোদন সহজ নহ’ব বুলি নিশ্চিত হৈ থকা বহুতকেই পিছে আজিৰ বৈঠকত বিৰোধী সাংসদে লোৱা ৰহস্যজনক স্থিতিয়ে সন্ধিহান কৰি তুলিছে। কিয়নো ৰাজ্যসভাতো আজিৰ দৰেই ৰহস্যজনকভাৱে একাংশ সদস্য অনুপস্থিত থাকিব পাৰে। তেনে পৰিস্থিতিত অহা বছৰটোৱেই যে অসমৰ খিলঞ্জীয়া ৰাইজৰ অস্তিত্বৰ সুৰক্ষাৰ ক্ষেত্ৰত অন্তিম আশাকণো বাঞ্চাল কৰি বিজেপি দলে সদায় কৈ অহা খিলঞ্জীয়াৰ সুৰক্ষাৰ বিপৰীতে কফিনৰ শেষ গজালটো ফেব্ৰুৱাৰী মাহতে মাৰিব তাৰ আশংকাও প্ৰবল হৈ উঠিছে।

এনে পৰিস্থিতিত কি ভৰসাৰে সমাগত বছৰটোৰ বাবে অসমৰ ৰাইজক লৈ আশাৰ বাতৰি কঢ়িয়াই অনাৰ খবৰ লিখিব পাৰি? পঞ্চায়ত নিৰ্বাচনলৈকে অসমৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে দোহাৰিছিল- অসমীয়া জাতি-মাটি-ভেটি ৰক্ষা তথা খিলঞ্জীয়াৰ অস্তিত্ব কোনো চৰ্ততে বিপন্ন হ’বলৈ নিদিয়াৰ প্ৰতিশ্ৰুতি। কিন্তু বগীবিল দলং উন্মোচনৰ প্ৰাকক্ষণত হঠাৎ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত দিল্লীলৈ উৰা মৰা সেই সোণোৱালে অমিত শ্বাহ আৰু ৰাজেন্দ্ৰ আগৰৱালসহ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি ওলাই অহাৰ পাছত সংবাদমাধ্যমৰ আগত তেওঁৰ ভ্ৰমণৰ উদ্দেশ্য সন্দৰ্ভত টু শব্দ এটাও নোকোৱাকৈ অসমলৈ উভতিছিল।

একেদৰেই বগীবিল দলং উদ্বোধন কৰি বছৰৰ শেষ সপ্তাহত অসমবাসীক উপহাৰ দিয়া প্ৰধানমন্ত্ৰী মোডীয়ে ৰাইজক সম্বোধন কৰি দিয়াৰ ভাষণত পূৰ্বৰ সভাবোৰত সদায়ে কৈ অহাৰ দৰে এবাৰলৈও উচ্চাৰণ নকৰিলে অসম চুক্তি, খিলঞ্জীয়া ৰক্ষা কৱছ আৰু অসমৰ পুণৰ নিৰ্মাণৰ প্ৰসংগ। চৰকাৰে ইতিপূৰ্বে এনে ইংগিতো দিছিল, চলিত বৰ্ষৰ শেষ সময়চোৱাতে সম্পাদিত হ’ব আলফা, এন ডি এফ বি আৰু এন এছ চি এনৰে সম্পাদিত হ’ব শান্তি চুক্তি। কিন্তু বছৰটো শেষ হোৱাৰ দিনটোত এই কথা স্পষ্ট হৈ পৰিছে যে, নতুন বছৰতো তেনে খবৰ অসমবাসীক দিবলৈ চৰকাৰ ৰাজি নহয়।

ইয়াৰ ইংগিত দুদিন পূৰ্বে সমগ্ৰ নাগালেণ্ডক সামৰি অশান্ত অঞ্চল আইনৰ অধীনত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ পুনৰ ৬ মাহলৈ বৃদ্ধি কৰা হৈছে। যাৰ অৰ্থই হ’ল- এন এছ চি এনৰ বৰমূৰীয়াৰ লগতে ৰাজ্যখনৰ চৰকাৰ আৰু গণতান্ত্ৰিক সংগঠনসমূহৰ ঐক্যমঞ্চই আশা কৰি অহা অথবা ইতিপূৰ্বে কৈ থকাৰ দৰে কোনো চুক্তি এন এছ চি এনৰ সৈতে অহা কিছুদিনলৈ অন্তত সম্পাদিত হোৱাৰ কোনো সম্ভাৱনা নাই। এনে প্ৰেক্ষাপটত অসমৰ পাঠক ৰাইজে পছন্দ নকৰিলেও, আজিৰ তাৰিখত লিখিব নিবিচাৰিলেও ২০১৯বৰ্ষৰ আৰম্ভণি যে গভীৰ সংকটৰ বাৰ্তাৰেহে আৰম্ভ হ’ব, সেই কথা জাতীয় স্বাৰ্থতে আমি কৈ থ’বলৈ বাধ্য। পিছে এনে পৰিস্থিতিয়ে ক্ষমতাৰ দম্ভত যিমানেই উন্মাদ নহওঁক কিয়, নতুন বছৰটোত অসমত শাসক দল বিজেপিৰ ভৱিষ্যতৰো ক্ষেত্ৰতো যে প্ৰচণ্ড ধুমুহাৰ সৃষ্টি কৰিব সেয়াও নিশ্চিত।

The post অসম তথা উত্তৰ-পূবৰ বাবে আন হেপ্পী নিউ ইয়েৰ! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2LH3ODJ
via IFTTT

Comments