কৰুণ ঘটনা! বনভোজস্থলীত এখন ছেলফীয়ে কাঢ়িলে ছাত্ৰৰ প্ৰাণ! নদীত উপঙিল মৃতদেহ…

ডিজিটেল ডেস্কঃ আপুনি ছেলফী তুলি নিশ্চয় ভাল পায়। ক’বলৈ গ’লে বৰ্তমান সময়ত সকলোৱে নিজৰ ভাল লগা মুহূৰ্তৰ একো একোখন ছেলফী তুলি ৰাখে। বিচাৰে সেই ছেলফীক স্মৃতি হিচাপে ৰাখিব। কিন্তু তেতিয়া কি হ’ব যেতিয়া এক স্মৰণীয় মুহূৰ্তৰ ছেলফী তুলিবলৈ লোৱা সময়ত নিজে এটা স্মৃতি হৈ ৰ’ব?

দৰাচলতে দেওবাৰে ওড়িশ্যাত সংঘটিত হয় এক কৰুণ ঘটনা। ৰাজ্যখনৰ ময়ুৰভঞ্জ জিলাৰ ভিমা কুন্দ বনভোজস্থলীল গৈছিল এজন ছাত্ৰ। নিজৰ বন্ধুবৰ্গৰ সৈতে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আনন্দ-উপভোগ কৰি থকা সময়তে কাষৰে নৈখনৰ শিলৰ ওপৰত উঠি ছাত্ৰজনে ল’ব বিচাৰিছিল এখন ছেলফী। কুট্টাকৰ পৰা বনভোজৰ বাবে যোৱা ছাত্ৰজনে হয়তো ভবা নাছিল যে এইখন হ’ব ছাত্ৰজনৰ জীৱনৰ শেষৰখন ছেলফী।

বন্ধুসকলৰ লগত শিলকেইটাত উঠি ছেলফী ল’বলৈ ওলোৱা সময়তে ছাত্ৰজনৰ ভৰি পিচলি সোমাই পৰে নৈখনত। সেই সময়ত লাগে হুৱা দুৱা। আনন্দ বিৰাজ কৰা পৰিবেশ হৈ পৰে শোকৰ স্থল। কাৰণ কিছু সময় পাছতেই নদীখনৰ জলপৃষ্ঠত আন পৰ্যটকসকলে প্ৰত্যক্ষ কৰে ছাত্ৰজনৰ মৃতদেহ। তাৰপাছতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীয়ে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰে আৰু সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে।

The post কৰুণ ঘটনা! বনভোজস্থলীত এখন ছেলফীয়ে কাঢ়িলে ছাত্ৰৰ প্ৰাণ! নদীত উপঙিল মৃতদেহ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2VkBL1e
via IFTTT

Comments