হাতত পুৰণি এলবাম লৈ দীপালী বৰঠাকুৰক সোঁৱৰণ মহেন্দ্ৰ বৰঠাকুৰৰ পত্নী বিবি বৰঠাকুৰৰ

কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ আজি আদ্যশ্ৰাদ্ধ। ২১ ডিচেম্বৰত নেমকেয়াৰত শেষ নিশ্বাস ত্যাগ কৰিছিল বিশিষ্ট কণ্ঠশিল্পী গৰাকীয়ে। কেইটামান কালজয়ী গীতেৰে অসমীয়া সংগীত জগতক সন্মোহন কৰি ৰখা এইগৰাকী শিল্পীক অতি ঘনিষ্ঠ ভাৱে পাইছিল প্ৰয়াত মহেন্দ্ৰ বৰঠাকুৰৰ সহধৰ্মীনি বিবি বৰঠাকুৰ। দীপালী বৰঠাকুৰৰ পৰিয়াল আছিল মহেন্দ্ৰ বৰঠাকুৰৰ আত্মীয়। বিশিষ্ট নাট্যকাৰ তথা সাহিত্যিক মহেন্দ্ৰ বৰঠাকুৰকে বিয়াৰ বাবে প্ৰস্তাৱ দিছিল নীলপৱন বৰুৱাই। নিগাজীপামৰ বাসগৃহত এই কথা মনত পেলালে বিবি বৰঠাকুৰে। পুৰণি এলবাম খুলি দীপালী বৰঠাকুৰৰ ফটো দেখুৱাই ক’লে- ‘এদিন নীলপৱন বৰুৱাই আহি মোকেই কৈছিলহি এই কথা। আমাৰ এওঁক দীপালী বৰঠাকুৰক বিয়া পাতিবলৈ ইচ্ছা কৰা কথা ক’বলৈ তেখেতে মোক অনুৰোধ কৰিছিল। মই এই কথা তেওঁ (মহেন্দ্ৰ বৰঠাকুৰ)ক কৈছিলো।’

মহেন্দ্ৰ বৰঠাকুৰক সেই সময়ত পৰিয়াল তথা আত্মীয়ই পুনা বুলি সম্বোধন কৰিছিল। নীলপৱন বৰুৱাই আহি তেখেতক প্ৰথম দিনা এই প্ৰস্তাৱ দিছিলহি ‘পুনা দা মই দীপালীক বিয়া কৰাব খোজো।’

মহেন্দ্ৰ বৰঠাকুৰে বিশেষ গুৰুত্ব দিয়া নাছিল এই প্ৰস্তাৱত। কিয়নো দীপালী বৰঠাকুৰ সেই সময়ত গুৰুতৰ ভাৱে অসুস্থ হৈছিল। নীলপৱন বৰুৱাক বুজাইছিল দীপালী বৰঠাকুৰ এতিয়া সংসাৰ কৰিব পৰাকৈ তেও সুস্থ নহয়। তেওঁক বিশেষ আলপৈচানৰ হে প্ৰয়োজন। এই কথা বিবেচনা কৰি চাবলৈ সময় দিছিল নীলপৱন বৰুৱাক। মহেন্দ্ৰ বৰঠাকুৰৰ পত্নী বিবি বৰঠাকুৰে আৰু জানিবলৈ দিয়া মতে, শেষত মহেন্দ্ৰ বৰঠাকুৰে মান্তি হৈ পৰিয়ালৰ লোকৰ সৈতে আলোচনা কৰি এই বিয়াত সহমতি দিছিল।

তেজপুৰত অনুষ্ঠিত হোৱা এই বিয়াত মহেন্দ্ৰ বৰঠাকুৰৰ পিতৃ তথা বিবি বৰঠাকুৰৰ শহুৰেকে কন্যাদান কৰিছিল। অত্যন্ত সহজ সৰল ছোৱালী আছিল দীপালী বৰঠাকুৰৰ। অতি নম্ৰ আৰু পৰিশীলিত ৰূপত গীত গাই জনপ্ৰিয় হৈ পৰা দীপালী বৰঠাকুৰে মটৰ নিউৰণ ৰোগত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰাৰ পাছতেই বিবাহ পাশত আবদ্ধ হৈছিল।

তেওঁৰ আদ্যশ্ৰাদ্ধৰ দিনা বিশিষ্ট নাট্যকাৰ তথা সাহিত্যিক মহেন্দ্ৰ বৰঠাকুৰৰ ঘৰত পুৰণি এলবাম খোচৰতে ওলাল এইখন ফটো। বেমাৰ হোৱাৰ পূৰ্বে গীত বাণীবন্ধনৰ সময়ত তোলা হৈছিল এই ফটোখন। বিবাহ পাশত আবদ্ধ হোৱা সময়ৰ এখন কন্যাদানৰ ফটো আছিল তেওঁলোকৰ পুৰণি এলবামত। অৱশ্যে সেইখন বিচাৰি নাপালে মহেন্দ্ৰ বৰঠাকুৰৰ পত্নী বিবি বৰঠাকুৰে। কিন্তু তেওঁ ক’লে- ‘মোৰ শহুৰ দেউতাই কন্যাদান কৰিছিল দীপালী বৰঠাকুৰৰ। সেই ফটোখন মই ক’ৰবাত সযতনে সাঁচি থৈছো। কিন্তু ক’ত থৈছো মই বিচাৰি পোৱা নাই।’ লগতে আদ্যশ্ৰাদ্ধৰ দিনা দীপালী বৰঠাকুৰক সশ্ৰদ্ধ সোৱৰণ কৰিলে তেওঁ।

The post হাতত পুৰণি এলবাম লৈ দীপালী বৰঠাকুৰক সোঁৱৰণ মহেন্দ্ৰ বৰঠাকুৰৰ পত্নী বিবি বৰঠাকুৰৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Sth2qq
via IFTTT

Comments