পিকনিকৰ বতৰৰ চিন্তনীয় কথা…

♦ ডিম্পুল বৰগোঁহাই

আজি ২০১৮ৰ শেষৰটো দেওবাৰ। দেওবাৰ মানে ফুৰ্তি আৰু আনন্দৰ বাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ২০১৮ৰ শেষৰ দেওবাৰটোত মানুহে উছাহ আনন্দত ভাগ ল’লে। পুৰণিক বিদায় দি নতুনক আদৰাৰ বাবে এই দিন কেইটাত ব্যস্ততা তুংগত উঠিছে। প্ৰতিবছৰে বছৰৰ শেষৰ দিনকেইটাত বনভোজ খাবলৈ মানুহ যায়।

অসমত বনভোজ খাবৰ বাবে বহু স্থান আছে। কিন্তু এই স্থানবোৰৰ পৰ্যটনৰ দিশত বিশেষ বিকাশ হোৱা নাই। সৰু সৰু ঠাইবোৰতো বনভোজ খাবৰ বাবে এনে ঠাই আছে যে সেই ঠাইবোৰৰ প্ৰাকৃতিক পৰিৱেশৰ দিশৰ পৰা মনমোহা, পানীৰ উপযুক্ত ব্যৱস্থা আৰু অন্যান্য দিশত যাৱতীয় প্ৰয়োজনীয় সকলো আছে।

বনভোজথলীত এতিয়া সচৰাচৰ কিছু স্বাভাৱিক দৃশ্য দেখিবলৈ পোৱা যায়। এই দৃশ্যবোৰে মানুহক ব্যথিত কৰে। ইচ্ছা কৰিলে এনে বনভোজস্থলীসমূহ অতি সুন্দৰ ভাৱে সজাই পৰাই থব পাৰি। কিন্তু এই স্থানসমূহত এনে এক কদৰ্য পৰিৱেশে বিৰাজ কৰে যে, আচলতে সেইবোৰ বালিভোজ নে আৱৰ্জনাৰ ভোজ সন্দেহ ৰৈ যায়।

কোনো এটা দল বনভোজ খাবলৈ গ’লে সেই ঠাইৰ চৌপাশৰ পৰিৱেশ যাতে বিনষ্ট নহয় তাৰ প্ৰতি দৃষ্টি ৰখাটো প্ৰতিজন লোকৰে কৰ্তব্য। কিন্তু সচৰাচৰ দেখা পোৱা যায় যে তেনে ঠাই সমূহত সুৰাৰ বটল, প্লাষ্টিকৰ গ্লাছ-প্লেট, ৰৈ যোৱা ভাত-চব্জি-মাসং আদি পেলাই থৈ এক কদৰ্যময় পৰিৱেশৰ সৃষ্টি কৰাত বনভোজ খাবলৈ অহা দলবোৰেই প্ৰতিযোগীতাত নামে! অসম প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰে চহকী এখন ৰাজ্য। ইচ্ছা গ’লেই যিকোনো স্থানতে বনভোজ খাব পৰাকৈ সুবিধা আছে ইয়াত। তাৰোপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনভোজ খাব পৰাকৈ বহু ঠাই আছে। যিবোৰ ঠাইলৈ দৈনিক বহু বনভোজকাৰী দল আহে। তেনে স্থানবোৰত সাধাৰণতে ঠাইসমূহৰ পৰিস্কাৰ পৰিচন্নতাৰ ওপৰত চকু দিবলৈ স্থানীয় লোকৰে এক নীৰিক্ষণৰ ব্যৱস্থা থাকিব লাগে। এই ক্ষেত্ৰত কিন্তু উদাস স্থানীয় প্ৰশাসন।

কোনো এক স্থানত কেৱল এটা দলেই বনভোজ খাবলৈ নাযায়। এটা দল অহাৰ পাছত আন এটা দল সেই স্থানত বনভোজ খাবলৈ উপস্থিত হয়গৈ। কিন্তু কদৰ্যময় পৰিৱেশৰ বাবে সেই ঠাইসমূহৰ পৰিৱেশ এনে হৈ পৰে যে সেই স্থানত কোনো দলে বনভোজ খোৱাৰ আচল মাদকতা বিচাৰি নাপায়।

এনেদৰে বনভোজ খাবলৈ যোৱা দলসমূহৰ মাজত পাৰিপাৰ্শ্বিক পৰিৱেশৰ ওপৰত সচেতনতা বৃদ্ধিৰ বাবে যথেষ্ট কৰণীয় আছে। ভাৰতৰ অন্য প্ৰান্তত পৰ্যটকৰ সমাগম হোৱা স্থানসমূহত চৰকাৰে বিশেষ নীতি-নিৰ্দেশনা প্ৰয়োগেৰে সেই স্থানসমূহ দৰ্শনাৰ্থীৰ বাবে অতি গুৰুত্বপূৰ্ণৰূপে গঢ় দিয়াত চেষ্টাৰ কৃপণালি নকৰে। অসমৰ ক্ষেত্ৰত এই স্থানসমূহ অধিক গুৰুত্বপূৰ্ণ হোৱাৰ পাছতো স্থানীয় প্ৰশাসনে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত নহয়। এই দিশত স্থানীয় প্ৰশাসনে বনভোজস্থলী সমূহক পৰ্যটনৰ এক উদ্যোগৰূপে গঢ় দিবলৈ চেষ্টা কৰি সুপৰিকল্পিত আঁচনি গ্ৰহণ কৰাৰ প্ৰয়োজন আছিল।

অসমত পিকনিক স্পটৰূপে বহু স্থান গঢ় দি সেইবোৰত পৰ্যটনৰ দিশৰ পৰা উপযোগী হ’ব পৰাকৈ আন্তঃগাঁঠনি উন্নয়নৰ বহু অৱকাশ থকাৰ পাছতো কিহৰ বাবে এইবোৰ অৱহেলিত হৈ আছে ই এক ডাঙৰ প্ৰশ্ন ৰূপে বিবেচিত হৈছে।

পৰ্যটন বিভাগে এই স্থান সমূহৰ পৰা যথেষ্ট অৰ্থ সংগ্ৰহ কৰাৰ সুযোগ থকাৰ পাছতো এই সুযোগ বেছিভাগ বনভোজস্থলীতে গ্ৰহণ কৰা পৰিলক্ষিত নহয়। কিন্তু এই স্থানসমূহৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত সামান্য ধন বিনিয়োগ কৰিলেই ই এক উন্নত পৰ্যটন স্থলীৰূপে পৰিগণিত হ’ব।

নতুন বছৰৰ সময়ছোৱাত মানুহে প্ৰাকৃতিক পৰিৱেশৰ মাজত এসাজ খাব বিচাৰে। পৰিয়াল বা আত্মীয় স্বজনৰ সৈতে সেই স্থানসমূহত প্ৰাকৃতিক পৰিৱেশৰ মাজত বিলীন হৈ অন্তৰংগভাৱে এসাজ খোৱাৰ সেই মাদকতা সামান্য আন্তঃগাঁঠনি উন্নতকৰণে বিশেষ মাত্ৰা প্ৰদান কৰিব। তেনে ক্ষেত্ৰত উক্ত স্থানসমূহৰ বিকাশৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিলে পৰ্যটন বিভাগৰ উন্নয়ন সাধন হোৱাৰ লগতে বিভাগটোৰ ৰাজহ সংগ্ৰহত সুবিধা হ’ব। সেয়েহে এই দিশত অধিক মনোনিৱেশেৰে ৰাজ্যৰ পৰ্যটন বিভাগে এনে বনভোজস্থলীসমূহ উৎকৰ্ষ সাধনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাটো অধিক প্ৰয়োজনীয় হৈ পৰিছে।

সৰু ডাঙৰ এই পৰ্যটনস্থলীসমূহ বিকাশৰ ফলত এফালে পৰ্যটন বিভাগৰ ক্ষেত্ৰখন বৃদ্ধি পোৱাৰ লগতে আনফালে পৰিকল্পিতভাৱে এই বিভাগটোৰ পৰ্যটনৰ দিশত উৎকৰ্ষ সাধন হ’ব।

The post পিকনিকৰ বতৰৰ চিন্তনীয় কথা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2LFrSqC
via IFTTT

Comments