কয়াকুছিত সৰুক্ষেত্ৰী গ্ৰন্থ আৰু সমন্বয় মেলাৰ শুভাৰম্ভ

কয়াকুছিৰ সমন্বয় ক্ষেত্ৰৰ পৰা ছাহেদ  আলী আহমেদঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰানকেন্দ্ৰ বিশ্ব বিখ্যাত ঢাৰি নগৰী বিদ্যা নগৰী তথা ক্ষুদ্ৰ উদ্যোগ নগৰী  কয়াকুছিৰ সমন্বয় ক্ষেত্ৰত  আজি  শুভাৰম্ভ হ’ল প্ৰথম সৰুক্ষেত্ৰী গ্ৰন্থ আৰু সমন্বয় মেলা। ৩০ ডিচেম্বৰ ৰবিবাৰৰ পৰা ৫ জানুৱাৰী শনিবাৰলৈ  চলিবলগীয়া গ্ৰন্থ মেলাৰ পূৱা সাত বজাত ছাফাই অভিযানৰ পিছত আঠ বজাত পতাকা উত্তোলন কৰিলে সৰুক্ষেত্ৰী গ্ৰন্থ আৰু সমন্বয় মেলাৰ কাৰ্যকৰী সভাপতি ছি আৰ পি এফৰ বিষয়া আলহাজ মিজানুৰ ৰহমানে। চাৰে আঠ বজাত বৃক্ষৰোপন কৰে  জিলা খনৰ চব্বিছ গৰাকী বিশিষ্ট ব্যক্তিয়ে। দুই বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভা যাত্ৰা শুভাৰম্ভ কৰে গুৱাহাটীৰ অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই৷ আবেলি ৪ বজাত গ্ৰন্থ আৰু সমন্বয় মেলাৰ শুভ উদ্বোধন কৰে প্ৰাগ চেনেলৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞাই। সন্ধিয়া  সভাপতি আবু বাক্কাৰ ছিদ্দিকৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে বিধায়ক গুনীন্দ্ৰ নাথ দাস, অৱসৰপ্ৰাপ্ত অধ্যক্ষ চক্ৰধৰ ডেকা, সৰুক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক ড০ আলি হুছেইন, গুৱাহাটীৰ অধিবক্তা শবজুল হক, নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট সাহিত্যিক জ্যেষ্ঠ সাংবাদিক তথা শিক্ষাৰত্ন অক্ষয় কুমাৰ মিশ্ৰই। ভাষন প্ৰসংগত অধ্যক্ষ চক্ৰধৰ ডেকাই কয় যে, ধৰ্মনিৰপেক্ষ ভাৰত ৰাষ্ট্ৰত হিন্দী, হিন্দু  আৰু হিন্দুস্থান নিৰ্মানৰ স্বপ্ন কেতিয়াও সফল নহব৷ কিয়নো ভাৰতত এতিয়াও যথেষ্ট সংখ্যৰ ধৰ্ম নিৰপেক্ষ আৰু ভাতৃত্ববোধেৰে মহামিলনৰ মনোভাৱ থকা বহুত সংখ্যক  মানুহ আছে।
শিক্ষাৰত্ন অক্ষয় মিশ্ৰই কয় যে, গ্ৰন্থই হৈছে মানুহৰ জীৱনৰ পৰম আৰু চৰম বন্ধু। ভাল জ্ঞান অৰ্জন কৰিব লাগিলে ভাল গ্ৰন্থও অধ্যয়ন কৰিব লাগিব। আনকি শিক্ষাৰত্ন মিশ্ৰই আৰু কয় যে, সকলো ধৰ্মীয় মানুহে জ্ঞানৰ বাবে অন্য ধৰ্মীয় গ্ৰন্থও অধ্যয়ন কৰিব লাগে। ভাল গ্ৰন্থ অধ্যয়নে মানুহৰ মন বিশাল কৰি গঢ়ি তোলে। সমন্বয় আৰু সম্প্ৰীতি গঢ়াৰ ক্ষেত্ৰত গ্ৰন্থৰ ভূমিকা অপৰিসীম।  দুয়োগৰাকী ব্যক্তিয়ে কয় যে, আমি সমন্বয়ৰ বাবে সৰ্বধৰ্মীয় চিন্তাৰে আগুৱাই যাব লাগিব। ৮ বজাত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত হালৈয়ে আৰু বিশেষ আকৰ্ষন হিচাপে থাকে নলবাৰীৰ ভিতালী মধুকল্যা দাস আৰু অনুষ্ঠানৰ আঁত ধৰে সমাজকৰ্মী শ্বহিদুল ইছলাম ভূঞাই। অহা ৩১ ডিচেম্বৰ, ১, ২, ৩, ৪ আৰু ৫ জানুৱাৰীলৈ চলিবলগীয়া সৰুক্ষেত্ৰী গ্ৰন্থ আৰু সমন্বয় মেলাৰ বিভিন্ন দিনত বহুতো গায়ক গায়িকাৰ সৈতে  অন্তিম দিনা মানসী চহৰীয়া, মানস প্ৰতীম, সোহম চক্ৰৱৰ্তী, শতাব্দী ৰায় আৰু  জুৰান আলী, আমিনা, ৰতনি, বতলীৰ সৈতে পৰিচালিত খাপলাং গোষ্ঠীৰ কৌতুক প্ৰদৰ্শন অনুষ্ঠিত হব। পৰিচালনা সমিতিৰ সভাপতি, সম্পাদক, যুটীয়া সম্পাদক ক্ৰমে আবু বাক্কাৰ ছিদ্দিক, ছাদেক আলী আহমেদ, দিলদাৰ হুছেইন আৰু আলেপ খানে সমূহ কাৰ্যসুচীত অংশ  গ্ৰহন কৰি প্ৰথম সৰুক্ষেত্ৰী গ্ৰন্থ আৰু সমন্বয় মেলাৰ সফল সামৰণিলৈ  সহযোগ কৰিবলৈ  সৰ্বস্তৰৰ ৰাইজক আহ্বান  জনাইছে৷

The post কয়াকুছিত সৰুক্ষেত্ৰী গ্ৰন্থ আৰু সমন্বয় মেলাৰ শুভাৰম্ভ appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2CF5VFk
via IFTTT

Comments