পিতৃ হ’ল ৰোহিত শৰ্মা …

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দ’লৰ বিধ্বংসী বেটছমেন ৰোহিত শৰ্মা পিতৃ হ’ল। সোমবাৰে মুম্বাইত পত্মী ৰিতিকা চজদেহে জন্ম দিলে কন্যা সন্তান। ৰোহিত পিতৃ হোৱাৰ খবৰ ৰাজহুৱা কৰিলে ৰিতিকাৰ ভগ্নী সীমা খানে। সন্তান জন্মহোৱাৰ সময়ত পত্নীৰ কাষত নাছিল ৰোহিত। অষ্ট্ৰেলিয়া মেলবৰ্ণত অনুষ্ঠিত টেষ্ট মেচত ব্যস্ত ৰোহিত।

কিন্তু এই খবৰ পোৱাৰ পাছতে ঘৰমুৱা হৈছে ৰোহিত। বি চি চি আই ক আবেদন কৰি ঘৰমুৱা হোৱা ৰোহিতে অংশ নলয় অন্তিম খন টেষ্ট মেচত। ইয়াৰ পৰিৱতে ৮ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এদিনীয়াত পুনৰ দলত অংশ লব ৰোহিতে। উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন টেষ্ট-মেচত ১৩৭ ৰাণত বিজয় সাব্যস্ত কৰিছিল ভাৰতে

The post পিতৃ হ’ল ৰোহিত শৰ্মা … appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2BOlMj5
via IFTTT

Comments