অগপ বিজেপিৰ মিত্ৰতা থাকিব নে নাই তাৰ উত্তৰ দিব লাগিব অগপইঃ হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ পুনৰ অগপ বিজেপিৰ মিত্ৰতা সন্দৰ্ভত মুখ খুলিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । অহা ৬ জানুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোকৰাঝাৰত মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিবলগীয়া অনুষ্ঠানৰ প্ৰাকপ্ৰস্তুতিৰ বুজ লবলৈ আহি আজি কোকৰাঝাৰত পুনৰাই অগপ বিজেপিৰ মিত্ৰতা সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই মুখ খুলিছে । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অগপ বিজেপিৰ মিত্ৰতা অব্যাহত থাকিব নে নাই সেই সিদ্ধান্ত অগপই হে লব। যিহেতু অগপই মিত্ৰতা সন্দৰ্ভত কৈ থাকে ‘আমি নাথাকো, আমি নকৰো’ সেয়েহে মিত্ৰতা থাকিব নে নাই তাৰ উত্তৰ অগপই দিব লাগিব ।

মিত্ৰতাৰ বল এতিয়া অগপৰ কৰ্টত বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে মিত্ৰতা সন্দৰ্ভত বিজেপিয়ে কাহানিও প্ৰশ্ন উত্থাপন কৰা নাই বৰং অগপই হে মিত্ৰতা সন্দৰ্ভত কৈ থাকে আৰু সেয়েহে অগপই মিত্ৰতা সন্দৰ্ভত উত্তৰ দিব । মন্ত্ৰী শৰ্মাই বিজেপি-0বিপিএফৰ মিত্ৰতা সন্দৰ্ভত কাহানিও প্ৰশ্ন উঠা নাই বুলিও স্পষ্ট কৰে । ইপিনে ২০১৮ বৰ্ষটো অসমৰ বাবে প্ৰাপ্তিৰ বৰ্ষ আছিল বুলি উল্লেখ কৰি ২০১৯ বৰ্ষটো প্ৰত্যাহ্বানৰ বৰ্ষ হব বুলি স্বীকাৰ কৰে মন্ত্ৰী শৰ্মাই । ২০১৯ চনতে লোকসভা নিৰ্বাচনে দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰিব বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই। আনহাতে এনআৰচিৰ দাবী আপত্তি বিষয়ত জনসাধাৰণৰ সচেতনতাৰ অভাৱ বুলি মন্তব্য কৰি মন্ত্ৰী শৰ্মাই এইক্ষেত্ৰত দল সংগঠনে আন বিষয়ত যিমান সচেতনতা আনে , এনআৰচিৰ ক্ষেত্ৰত কিছু পৰিমাণে বিফল হৈছে বুলিও মত প্ৰকাশ কৰে ।

আনহাতে সাংবাদিকৰ এক প্ৰশ্নত্তোৰত মন্ত্ৰী শৰ্মাই মেডিকেল কলেজৰ বাবে ৩০৮ কোটিৰো অধিক টকা মোকলাই দিয়াৰ কথা সদৰি কৰি ইতিমধ্যেই নিৱিদা প্ৰক্ৰিয়াও সম্পূৰ্ণ হোৱা বুলি উল্লেখ কৰে । তিনি বছৰৰ ভিতৰতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে বুলি উল্লেখ কৰি ৰাজ্যৰ গোটেইকেইখন মেডিকেল কলেজ সম্পূৰ্ণ হলে চিকিৎসকৰ অভাৱ দুৰ হব বুলি মন্তব্য কৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

ইপিনে সাংবাদিকৰ আন এক প্ৰশ্নত্তোৰত হিমন্ত বিশ্ব শৰ্মাই বৰাক চলি থকা ছিণ্ডিকেটৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰে । শাসকীয় দলৰ বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ দিলীপ পালে বৰাকত মুকলিকৈ জিলাখনৰ আৰক্ষী অধীক্ষক গৰাকীৰ নেৰ্তৃত্বতে চিণ্ডিকেট চলি থকা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পিছত আৰু চিণ্ডিকেটৰ সতে শাসকীয় দলৰ বিধায়কো জড়িত হৈ আছে বুলি মন্তব্য কৰাৰ পিছত আজি এইসন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত মন্ত্ৰী গৰাকীয়ে নিজকে কামৰ মানুহ আৰু কাম কাজ কৰি থাকে বুলি মন্তব্য কৰি চিণ্ডিকেট সন্দৰ্ভত একো নাজানে বুলি উল্লেখ কৰে ।

The post অগপ বিজেপিৰ মিত্ৰতা থাকিব নে নাই তাৰ উত্তৰ দিব লাগিব অগপইঃ হিমন্ত বিশ্ব শৰ্মা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2H0FT3J
via IFTTT

Comments