হিংসা, ৰিগিং, ভোট বৰ্জন, ১৪ জনৰ মৃত্যু! অন্ত পৰিল বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ

ডিজিটেল ডেস্কঃ হিংসা, মৃত্যু আৰু ৰিগিঙৰ অভিযোগ তথা বিভিন্ন অঞ্চলত বিৰোধীৰ ভোট বৰ্জনৰ সিদ্ধান্তৰ মাজতে অৱশেষত দেওবাৰে সম্পন্ন হয় বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ। দেওবাৰে অনুষ্ঠিত ৰাষ্ট্ৰ খনৰ সাধাৰণ নিৰ্বাচনৰ মাজতে বিভিন্ন অঞ্চলত মুঠ ১৪ লোকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে। তদুপৰি বহু ভোটগ্ৰহণ কেন্দ্ৰত সৃষ্টি হৈছে হিংসাত্মক পৰিস্থিতিৰো।

ইফালে ভোটগ্ৰহণ সম্পন্ন হোৱাৰ ক্ষন্তেক সময় পিছতে আৰম্ভ হৈছে ভোটগণনা। অৱশ্যে ৰাষ্ট্ৰখনৰ ২৯৯ খন জাতীয় সংসদৰ আসনত কিমান শতাংশ ভোটগ্ৰহণ হৈছে সেয়া এতিয়াও প্ৰকাশ কৰা নাই নিৰ্বাচন আয়োগে।

আনহাতে পদ্মপাৰাকে ধৰি ৰাষ্ট্ৰখনৰ পদ্মাপাড়কে ধৰি বিভিন্ন অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰ পৰাই ভোটাৰৰ লানি নিচিগা সোঁত বয়। তাৰ বিপৰীতে বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত বিৰোধীৰ সমৰ্থনকাৰীয়ে ভোট বৰ্জন কৰাৰ লগতে ঠায়ে ঠায়ে হিংসাত্মক পৰিস্থিতিৰো সৃষ্টি কৰে। কেইবাটাও ভোট কেন্দ্ৰৰ ভোট গ্ৰহণ স্থগিত ৰাখিবলগীয়া হয়। ইফালে সাধাৰণ নিৰ্বাচনৰ কালতে শাসক বিৰোধীৰ মাজৰ তুমুল ৰণত তেজৰ নদীয়ো বয়।

ৰাষ্ট্ৰখনৰ ভোটগ্ৰহণৰ মাজতে চট্টগ্ৰামত ৩ জন, ৰাজশাহীত ২ জন, কুমিল্লাইত ২ জন আৰু ৰাঙামাটিকে ধৰি ভিন্ন অঞ্চলত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিত মুঠ ১৪ লোকৰ মৃত্যু ঘটে। তদুপৰি এই ঘটনাত আহত হৈছে কেইবাজনো লোক।

The post হিংসা, ৰিগিং, ভোট বৰ্জন, ১৪ জনৰ মৃত্যু! অন্ত পৰিল বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Spw7co
via IFTTT

Comments