বিপদ নামাতিব, মোবাইল ব্যৱহাৰৰ ক্ষেত্ৰত সৰ্তক হওক…

ডিজিটেল ডেস্কঃ এতিয়া ডিজিটেল যুগ। হাতত থকা মোবাইলটোৱেই আপোনাক দিব দেশ-বিদেশৰ খবৰ। পুৱাৰ পৰা নিশা শুৱালৈকে মোবাইল এতিয়া এজন লোকৰ বাবে অপৰিহাৰ্য অংগ। কিন্তু সাৱধান হওক। একেৰাহে মোবাইলতে ব্যস্ত থাকি বিপদ নামাতিব। চাৰ্জত লগাই ব্যৱহাৰ নকৰিব মোবাইল।
চাৰ্জত মোবাইল লগাই ব্যৱহাৰ কৰি ধ্বংস হ’ল এখন ঘৰ। সোমবাৰে পুণেৰ কাছাৰবাড়ী অঞ্চলত সংঘটিত হ’ল এক অঘটন। মোবাইলৰ বেটেৰী বিস্ফোৰণ হৈ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় পুণেত। পৰিয়ালটোৰ ৫ জন লোক অগ্নিদগ্ধ হোৱাৰ লগতে ইয়াৰে ৩ জন লোকৰ অৱস্থা সংকটজনক। ২ খন অগ্নি নিৰ্বাপন বিভাগৰ গাড়ীৰে জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।
The post বিপদ নামাতিব, মোবাইল ব্যৱহাৰৰ ক্ষেত্ৰত সৰ্তক হওক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2AneYJz
via IFTTT
Comments
Post a Comment