বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী অন্যতম আছিল মনমোহন সিংঃ শংকৰসিং বাঘেলা

ডিজিটেল ডেস্কঃ গুজৰাট কংগ্ৰেছৰ প্ৰাক্তন নেতা শংকৰসিং বাঘেলাই ড০ মনমোহন সিঙক কেৱল ভাৰতবৰ্ষৰে নহয়, সমগ্ৰ বিশ্বৰ ভিতৰতে এজন সুদক্ষ প্ৰধানমন্ত্ৰী আছিল বুলি মন্তব্য কৰে। প্ৰচাৰবিহীনভাৱে মনমোহন সিঙে দেশৰ বাবে যথেষ্ট কষ্ট কৰিছে বুলিও মন্তব্য কৰে শংকৰসিং বাঘেলাই।
ইফালে প্ৰাক্তন কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীক্ষ্ন কটাক্ষ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষ্টেছু অৱ ইউনিটি আৰু নিজৰ প্ৰচাৰৰ বাবে দেশৰ জনতাৰ ধনৰ দুৰ্ব্যৱহাৰ কৰি আছে।
গুজৰাটৰ খেড়া জিলাত অনুষ্ঠিত অ বি চিৰ এক সমাৰোহত অংশ লৈ বাঘেলাই বিজেপিক তীব্ৰ আক্ৰমণ কৰে। লগতে দেশৰ জনতাই আগন্তক লোকসভা নিৰ্বাচনত বিজেপিক বহিস্কাৰ কৰিব বুলিও দাবী কৰে প্ৰাক্তন কংগ্ৰেছ নেতাগৰাকীয়ে।
The post বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী অন্যতম আছিল মনমোহন সিংঃ শংকৰসিং বাঘেলা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2QcG4bg
via IFTTT
Comments
Post a Comment