বাখৰৰ পাত লুটিয়াই আজি সকলোৱে সোৱৰিলে অতীতক…

ডিজিটেল ডেস্কঃ সকলো কাম-কাজেই ব্যতিক্ৰম আৰু অনন্য। বিদ্যালয়খনৰ সৈতে জড়িত প্ৰতিজনেই জানে ৰ’দ আকোৱালি ছাঁ বিলাবলৈ। সেয়ে হয়তো আন ১০ খন বিদ্যালয়তকৈ অসম জাতীয় বিদ্যালয় কিছু পৃথক।
ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে ২৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছে সদৌ অসম জাতীয় বিদ্যালয় সমাৰোহ। সমাৰোহৰ প্ৰতিতো কাৰ্যসূচীয়েই অতি শৃংখলাৱদ্ধতাৰে সম্পন্ন হৈছে। সেয়া লাগিলে ২৬ ডিচেম্বৰত গুৱাহাটী তেল শোধনাগাৰ খেলপথাৰত অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানেই হওক অথবা ২৯ ডিচেম্বৰত আয়োজন কৰা অসম জাতীয় বিদ্যালয় অভিভাৱক সমাৰোহেই হওক। আয়োজিত সকলো অনুষ্ঠানে প্ৰমাণ কৰিছে যে, অসম জাতীয় বিদ্যালয় এটা পৰিয়াল আৰু এই পৰিয়ালত আছে একতা ।
দেওবাৰে অৰ্থাৎ ৩০ ডিচেম্বৰত অসম জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানে পাঁচ দিনত ভৰি দিলে। আন কেইদিনৰ সমান্তৰালকৈ দেওবাৰেও অসম জাতীয় বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হয় কেবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠান। পুৱা ৯ বজাত অসম জাতীয় বিদ্যালয় ন্যাস আৰু প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলনৰ পাছতেই অনুষ্ঠিত হয় অন্তৰংগ আলাপ অনুষ্ঠান। পৰিৱৰ্তীত সমাজ আৰু যুৱ সমাজৰ দায়ৱদ্ধতা বিষয়ত অনুষ্ঠিত হোৱা অন্তৰংগ আলাপ অনুষ্ঠানত উপস্থিত থাকে বহু কেইজন গণ্য-মান্য ব্যক্তি।
আলাপ অনুষ্ঠানত অংশ লয় অসম আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু বিশিষ্ট লেখক তথা যুৱ উদ্যোগী দেবাংগ পল্লৱ শইকীয়া। তেওঁলোকৰ উপৰিও এই অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয় বিদ্যালয় ন্যাসৰ সচিব ড০ নাৰায়ণ শৰ্মা, ৰেক্টৰ ৰঞ্জিত নায়াৰণ ডেকা, অধ্যক্ষ ঘনশ্যাম মেধি, দিলীপ দত্ত চৌধুৰী, নৰেন্দ্ৰ মোহন গোস্বামীকে ধৰি বহু বিশিষ্ট ব্যক্তি।
এই অন্তৰংগ আলাপ অনুষ্ঠানৰ অন্ত পৰাৰ পাছতেই দিনৰ প্ৰায় ১১.৪৫ বজাৰ পৰা আৰম্ভ হয় প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন। বৰ্তমান দেশ-বিদেশৰ ভিন্ন শিক্ষানুষ্ঠানৰ লগতে ভিন্ন কৰ্মত নিয়োজিত হৈ থকা বহু প্ৰাক্তন শিৰ্ক্ষাথী আহি গোট খালেহি অসম জাতীয় বিদ্যালয়ৰ বাকৰিত। অন্তৰংগ আলাপ, হাঁহি, ৰসাল আদ্দাৰে মুখৰিত হল বিদ্যালয়ৰ চৌহদ। সমাৰোহৰ সৈতে সংগতি ৰাখি ২০০০ ৰুবিক কিউবেৰে প্ৰাক্তন শিক্ষাৰ্থী সকলে সাজি উলিয়ালে ত্ৰিদীপ ভট্টাচাৰ্যৰ ছবি।
উলহ-মালহেৰে অনুষ্ঠিত হৈছে সকলো অনুষ্ঠান। কোনোবাই যদি নৃত্য, কোনোবাই গীত। অলেখ সাংস্কৃতিক-সাহিত্য অনুষ্ঠান অনুষ্ঠান। এই অনুষ্ঠানবোৰে প্ৰমাণ কৰিলে অসম জাতীয় বিদ্যালয়ত প্ৰতিভাৰ অভাৱ নাই।
ব্যতিক্ৰম। সকলো কামেই ব্যতিক্ৰম। অসম জাতীয় বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহত দেখা গ’ল ‘ স্মৃতিৰ মণিকূটত একলম’। উপস্থিত সকলো প্ৰাক্তন শিক্ষাৰ্থীৰ যেন এখন জীৱন্ত দলিল ” স্মৃতিৰ মণিকূটত একলম’। সকলোৱে স্বাক্ষৰ কৰি যেন কৈ গ’ল ‘২৫ বছৰীয়া এই গৌৰৱোজ্বল ইতিহাসৰ আমিও অংশীদাৰ ।বিদ্যালয়ৰ চৌহদত আছে এটা চেলফী জ’নো। সকলোৱে লৈছে চেলফী। কিয়নো চেলফী জ’নত লিখা আছে ‘ I AJB‘
দেওবাৰৰ এই প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহতে উন্মোচন কৰা হ’ল স্মৃতিগ্ৰন্থ ‘অভিজ্ঞান’। বহু ন-পুৰণি শিক্ষাৰ্থীৰ লেখাৰে সজোৱা হৈছে অভিজ্ঞান। কেইবাজনো শিক্ষাৰ্থীৰে গঠিত সম্পাদনা সমিতিয়ে সম্পাদনা কৰা এই গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট প্ৰকৃতিবিদ সমৰদ্বীপ দত্তই।
এই সমাৰোহত সকলোৰে মন মুঁহিলে এটা গীতৰ ভিডিঅ’ই। অসম জাতীয় বিদ্যালয়ৰ কিছু জীৱন্ত দৃশ্যৰ সমাহাৰেৰে সজোৱা এই ভিডিঅ’টো প্ৰত্যক্ষ কৰি উপস্থিত সকলো হৈ পৰিল নষ্টালজিক।
৩ মিনিট ৯ চেকেণ্ডৰ এই ভিডিঅটো পৰিচালনা,কথা আৰু সংগীত কৰিছে প্ৰাক্তন ছাত্ৰ ৰাহুল গৌতম শৰ্মাই। সামগ্ৰিক পৰিচালনা আৰু সম্পাদনা বিতুপন কাশ্যপৰ। কেইবাগৰাকী প্ৰাক্তন শিক্ষাৰ্থীয়ে কন্ঠ নিগৰাইছে গীতটোত। বিদ্যালয়খনৰ বহু জীৱন্ত দৃশ্যক সাঙুৰি তৈয়াৰ কৰা এই ভিডিঅ’টোৱ জৰিয়তে সকলোৱে যেন কলে i love AJB.
The post বাখৰৰ পাত লুটিয়াই আজি সকলোৱে সোৱৰিলে অতীতক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2SqYVBq
via IFTTT
Comments
Post a Comment