দুসপ্তাহ পাছতো বিফল উদ্ধাৰকাৰী দল, সন্ধানহীন মেঘালয়ৰ অবৈধ কয়লাখনিৰ ১৩ শ্ৰমিক

ডিজিটেল ডেস্কঃ প্ৰায় দুসপ্তাহ পাৰ হোৱাৰ পাছতো উদ্ধাৰকাৰী দলে কোনো শুংসূত্ৰ পোৱা নাই মেঘালয়ৰ অবৈধ কয়লা খনিৰ খাৱৈত আৱদ্ধ ১৩জন শ্ৰমিকৰ। উদ্ধাৰকাৰী দলসমূহে অভিযান চলাই আছে যদিও, বৰ্তমানেও বিফলেই হৈছে।
এই সন্দৰ্ভত এন ডি আৰ এফ এছিছটেন্ট ক’মাণ্ডেন্টে এছ কে সিঙে কয়- ‘আন আন উদ্ধাৰকাৰী সংস্থাসমূহেও আমাৰ উদ্ধাৰ অভিযানত যোগ দিছে। ওড়িশ্যাৰ পৰা অগ্নিনিৰ্বাপক বাহিনীয়ে ১০টা হাই প্ৰেছাৰ পাম্প লৈ, নৌ সেনাৰ ডাইভাৰে আমাৰ সৈতে সহযোগ কৰিছে এই অভিযানত। মই তেওঁলোকক সমগ্ৰ পৰিস্থিতিৰ বিষয়েও অৱগত কৰাই দিছো।’
The post দুসপ্তাহ পাছতো বিফল উদ্ধাৰকাৰী দল, সন্ধানহীন মেঘালয়ৰ অবৈধ কয়লাখনিৰ ১৩ শ্ৰমিক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EWcDbw
via IFTTT
Comments
Post a Comment