নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অন্তিমখন বৈঠক, ৩ জানুৱাৰীত জেপিচিয়ে দাখিল কৰিব প্ৰতিবেদন

ডিজিটেল ডেস্কঃ ৰাজ্যৰ চৌদিশে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত হৈ আছে। শাসকীয় দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহিত কৰি অসমীয়া জাতী আৰু মাটিলৈ চৰম দুৰ্যোগ নমাই অনাৰ অভিসন্ধি ৰচা বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে সোমবাৰে দিল্লীত অনুষ্ঠিত হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত যুটীয়া সংসদীয় কমিটিৰ অন্তিমখন বৈঠক।
বিয়লি ৩ বজাৰ পৰা দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত হ’বলগা এই বৈঠকৰ পিছতে অহা ৩ জানুৱাৰীত জেপিচিয়ে সংসদত দাখিল কৰিব প্ৰতিবেদন। ইফালে সোমবাৰে অনুষ্ঠিত হ’বলগীয়া বৈঠকত সংসদভৱনত কেইবাগৰাকীও সদস্যই অংশ ল’ব। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনা কৰি সদস্যসকলে এক প্ৰস্তাৱ গ্ৰহণ কৰিব।
The post নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অন্তিমখন বৈঠক, ৩ জানুৱাৰীত জেপিচিয়ে দাখিল কৰিব প্ৰতিবেদন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2VkIb0w
via IFTTT
Comments
Post a Comment