যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ মৌচুমী ফুকনলৈ ডক্টৰেট ( পি এইচ ডি) ডিগ্ৰী প্ৰদান
গণবাৰ্তা, টীয়কঃ অলপতে অসম কৃষি বিশ্ববিদ্যালয়ৰ পতঙ্গতত্ব বিভাগৰ সহকাৰী অধ্যাপিকা মৌচুমী ফুকনক তেওঁ ”Bioecology and management of field rodents in rice vegetable cropping system” শীৰ্ষক বিষয়ত গৱেষণাৰ বাবে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ে ডক্টৰেট (পিএইচডি) ডিগ্ৰী প্ৰদান কৰে। উল্লেখনীয় যে পতঙ্গতত্ব বিভাগৰ মুৰব্বী বিজ্ঞানী ড৹ ৰাতুল কুমাৰ বৰাৰ তত্বৱাধনত এই গৱেষণা সম্পন্ন কৰে। একালৰ টীয়ক কলিয়াপানী কৃষি বিজ্ঞান কেন্দ্ৰৰ কৰ্মৰত মৌচুমী ফুকনে টীয়কৰ কৃষকসকললৈ আগবঢ়োৱা কৃষি সমন্ধীয় দিহা পৰামৰ্শৰ বাবে আজিও আদৰণীয় হৈ আছে কৃষকৰ মাজত। শিৱসাগৰ জিলাৰ বনমালী চাহ বাগিচাৰ নিবাসী ৰবীন ফুকন আৰু ঊষাৰানীৰ ফুকনৰ জ্যোষ্ঠা কন্যা আৰু যোৰহাটৰ চন্দ্ৰ কান্ত বৰ্মন আৰু অনিমা বৰ্মনৰ জ্যেষ্ঠ পুত্ৰ বুবুল বৰ্মনৰ সুযোগ্যা পত্নী মৌচুমী ফুকন।
The post যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ মৌচুমী ফুকনলৈ ডক্টৰেট ( পি এইচ ডি) ডিগ্ৰী প্ৰদান appeared first on Gana Adhikar.
from Gana Adhikar http://bit.ly/2F0NjSF
via IFTTT
Comments
Post a Comment