বগীবিলেই থাকিব বগীবিলৰ দলঙৰ নাম, ঘোষণা কেন্দ্ৰীয় ৰে’লমন্ত্ৰী পীয়ুষ গোৱেলৰ

ডিজিটেল ডেস্কঃ বগীবিল দলঙৰ নাম বগীবিলেই থাকিব৷ এই ঘোষণা ৰে’লমন্ত্ৰী পীয়ুষ গোৱেলৰ৷ শনিবাৰে বিজেপিৰ প্ৰদেশ কাৰ্যালয়ত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি এই ঘোষণা কৰে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী পীয়ুষ গোৱেলে৷ তেওঁ কয় যে বগীবিল দলঙৰ নামক লৈ বিতৰ্ক কৰাতকৈ বগীবিল দলংখন নিৰ্মাণ হোৱাৰ পিছত হোৱা ৰাজ্যবাসীৰ সুবিধাক প্ৰাধান্য দিব লাগে৷ লগতে বগীবিলৰ আৰ্থিক, সামাজিক আৰু নিৰাপত্তাৰ দিশত বিশেষ দৃষ্টি ৰখা হ’ব বুলিও মন্তব্য কৰে কেন্দ্ৰীয় ৰে’লমন্ত্ৰগৰাকীয়ে৷

আনহাতে বগীবিল দলঙৰ নিৰ্মাণ সম্পূৰ্ণই প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সপোন পূৰণ কৰিছে বুলিও মন্তব্য কৰে পীয়ুষ গোৱোলে৷ অটল বিহাৰী বাজপেয়ীৰ দিনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা বগীবিল দলঙৰ নিৰ্মাণৰ গতি লেহেমীয়া হৈছিল বুলি মন্তব্য কৰি গোৱেলে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৎপৰাতহে বগীবিল দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে৷

উল্লেখ্য যে শনিবাৰে সোণাপুৰস্থিত এল এন আই পি আইত অখিল ভাৰতীয় বনবাসী কল্যন আশ্ৰমৰ ২১ সংখ্যক ৰাষ্ট্ৰীয় জনজাতি খেল প্ৰতিযোগীতাৰ সন্মিলনত অংশ ল’বলৈ অসমত উপস্থিত হৈছিল পীয়ুষ গোৱেল৷ এই সন্মিলনৰ পিছতে কেন্দ্ৰীয় ৰে’লমন্ত্ৰীগৰাকীয়ে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰে৷

The post বগীবিলেই থাকিব বগীবিলৰ দলঙৰ নাম, ঘোষণা কেন্দ্ৰীয় ৰে’লমন্ত্ৰী পীয়ুষ গোৱেলৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EX59VO
via IFTTT

Comments