নিশালৈকে চলিব এনআৰচিৰ দাবী-আপত্তি দাখিল, অন্তিম দিনত সেৱাকেন্দ্ৰত সেৰেঙা উপস্থিতি

ডিজিটেল ডেস্কঃ দেওবাৰে ২০১৮ বৰ্ষৰ অন্তিম দিন। বিভিন্ন স্থানত বনভোজপ্ৰেমীৰ ভিৰ দেখিবলৈ পোৱা গৈছে। অৱশ্যে এই দিনটোতে এন আৰ চিৰ সেৱা কেন্দ্ৰ সমূহটো ভিৰ কৰা পৰিলক্ষিত হৈছে বহুলোকক। কিয়নো এন আৰ চিৰ দাবী আৰু আপত্তি গ্ৰহণৰ অন্তিম দিন আজি। নিশালৈকে সকলো লোকে এন আৰ চিৰ সেৱাকেন্দ্ৰ সমূহত দাখিল কৰিব পাৰিব দাবী আৰু আপত্তি।নিশালৈকে খোলা থাকিব এন আৰ চিৰ সেৱা কেন্দ্ৰসমূহ। আজিৰ পাছত আৰু নতুন বছৰত গ্ৰহণ কৰা নহ’ব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কোনো ধৰণৰ দাবী আৰু আপত্তি।

বৰ্তমানলৈকে ৰাষ্ট্রীয় নাগৰিকপঞ্জীত মাত্ৰ ৭০০টাহে আপত্তি দাখিল হৈছে। যিসকল লোকে এতিয়ালৈকে নিজ দাবী অথবা আপত্তি দাখিল কৰা নাই তেওলোকে সেৱাকেন্দ্ৰলৈ আহি আবেদন কৰিব পাৰিব দেওবাৰে নিশা পৰ্যন্ত। ইয়াৰ বিপৰীতে বৰ্তমানলৈকে ভুৱা নথিপত্ৰৰে নাম অন্তৰ্ভুক্তিৰ চেষ্টা চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ৬০১ জন লোক আৰু ৪৬৯ টা গোচৰো এতিয়ালৈকে ৰুজু হৈছে।

 

The post নিশালৈকে চলিব এনআৰচিৰ দাবী-আপত্তি দাখিল, অন্তিম দিনত সেৱাকেন্দ্ৰত সেৰেঙা উপস্থিতি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2AqA7Cv
via IFTTT

Comments