আজিজপুৰ এম ই মাদ্ৰাছাৰ প্ৰতিষ্ঠাপক শিক্ষক আলহাজ হজৰত আলীৰ অৱসৰ গ্ৰহণ

ৰিঞ্জুৱাৰা পাৰবিন, কলগাছিয়াঃ শৈক্ষিক ক্ষেত্ৰত অত্যন্ত পিছপৰা বৰপেটা জিলাৰ কলগাছিয়াৰ ৰূপসী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত আদিতপুৰত শিক্ষাৰ পোহৰ বিলাবলৈ বহু কেইজন দূৰদৰ্শী ব্যক্তিৰ একান্ত প্ৰচেষ্টাত ১৯৭৭ চনত আজিজপুৰ এম ই মাদ্ৰাছা প্ৰতিষ্ঠা কৰা হয়। উক্ত বেচৰকাৰী বিদ্যালয় খনত ১৭ বছৰ বিনা বেতনত শিক্ষকতা কৰাৰ পিছত ১৯৯৪ চনত চৰকাৰী কৰণ হয়। প্ৰতিষ্ঠাৰ পৰা অৱসৰৰ দিনলৈ নিয়মানৱৰ্তীতাৰে শিক্ষা দান কৰি কৃতী শিক্ষক হিচাপে সমাজত খ্যাতি অৰ্জন কৰা প্ৰতিষ্ঠাপক কৃতী শিক্ষক আলহাজ হজৰত আলীয়ে আজি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। এই উপলক্ষে আজি ৰাতিপুৱা ১০ বজাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আমিৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত বিদায়ী সভাত অঞ্চলটোৰ ৰাইজ আৰু শিক্ষক সকলৰ লগতে প্ৰাক্তন তথা বৰ্তমানৰ ছাত্ৰ ছাত্ৰী সকলে শৰাই, গামোচা,কিতাপ, কলম আদিৰে উষ্ম সম্ভৰ্ধনা জনায়। সভাত কিছুদিন পূৰ্বে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক দ্বয় আলহাজ আহচান উদ্দীন, সামছুল আলম, ডাঃ জাহিদ আহমেদ, শিক্ষক সামছুল আলম, সাংবাদিক দোস্ত হাফিজুৰ ৰহমান, আব্দুছ ছালাম, অৱসৰী প্ৰধান শিক্ষকদ্বয় আব্দুল কাদেৰ খান আৰু আবুল কাশেম, শিক্ষক তৰুণী তালুকদাৰ প্ৰমুখ্যে ব্যক্তি সকল উপস্থিত থাকে।

The post আজিজপুৰ এম ই মাদ্ৰাছাৰ প্ৰতিষ্ঠাপক শিক্ষক আলহাজ হজৰত আলীৰ অৱসৰ গ্ৰহণ appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2saAblz
via IFTTT

Comments