১ মিনিটত ২৫ খবৰ

১. ভাৰতীয় সেনা-বাহিনীৰ তেজপুৰস্থিত চতুৰ্থ ক’ৰৰ মুৰব্বী হিচাবে দায়িত্ব অৰ্পণ লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেক। পূৰ্বে এই দায়িত্বত আছিল লেফটেনেণ্ট জেনেৰেল গুৰপাল সিং সংঘ।

২. বনভোজ খাই ১৬৬ অসম ৰেজিমেণ্ট ঠাকুৰবাৰীৰ পৰা উভতাৰ সময়তে শোণিতপুৰৰ চাৰিদুৱাৰত পথত বাগৰিল সেনা বাহিনীৰ বাহন। দুৰ্ঘটনাত আহত হয় ১৫গৰাকী সেনা জোৱান।

৩. ‘২০১৮ বৰ্ষতো সুঁৱৰিলে সকলোৰে মন প্ৰাপ্তিৰে ভৰি পৰিব’ -এই মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

৪. কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে ব্যৱসায়ী ৰাজেশ হিম্মত্‍‍সিংকাক। এগৰাকী মহিলাৰ গোচৰৰ ভিত্তিত দেওবাৰে গ্ৰেপ্তাৰ হৈছিল তেওঁ।

৫. অচিৰেই ঘোষণা হ’ব ৰিয়েলিটি শ্ব’ বিগ বছৰ চুড়ান্ত প্ৰতিযোগীৰ নাম। বৰ্তমান শীৰ্ষ তিনিত আছে শ্ৰীসন্ত, ৰৌমিল আৰু কৰনবীৰ।

৬. ‘মোদী-যোগী থাকোতে যদি ৰামমন্দিৰ নিৰ্মাণ নহয় তেতিয়া বৰ লাজৰ কথা হ’ব’। -এই মন্তব্য কৰিলে উমা ভাৰতীয়ে।

৭. চত্তীশগড়ৰ বিলাসপুৰত ৰহস্যজনক ভাৱে মৃত্যু একেটা পৰিয়ালৰে ৩ সদস্যৰ। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

৮. ‘ৰাহুল গান্ধী এনে এজন নেতা যাৰ প্ৰধানমন্ত্ৰী হোৱাৰ সকলোখিনি গুণ আছে’ এই মন্তব্য কংগ্ৰেছ নেতা শশী থাৰুৰৰ।

৯. ‘নৰেন্দ্ৰ মোদী এজন প্ৰতাৰক’। দেওবাৰে এই মন্তব্য কৰিলে অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুয়ে।

১০. বিহাৰত নক্সালবাদীৰ আক্ৰমণত এজন লোক নিহত। ১০ খন বাহনত অগ্নি সংযোগ।

১১. গাজীপুৰত শিলাবৰ্ষণত নিহত হোৱা আৰক্ষী ঘটনাৰ সন্দৰ্ভত বৰ্তমানৰলৈকে ২৬ জন লোকক গ্ৰেপ্তাৰ।

১২. ফিলিপাইন্সত ধুমুহা-বতাহ। ২২ জন লোক নিহত হোৱাৰ লগতে ২২,০০০ লোক গৃহহীন।

১৩. দেওবাৰে ২১সংখ্যক ৰাষ্ট্ৰীয় জনজাতি ক্ৰীড়া সমাৰোহত ব্যতিক্ৰমী ৰূপত দেখা গ’ল কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুক। হাতত ধনু কাঁড় লৈ আৰ্চাৰীৰ ৰূপত দেখা গ’ল মন্ত্ৰীজনক।

১৪. উত্তৰ প্ৰদেশৰ বাৰাণসীত আৰক্ষীয়ে জব্দ কৰে ৬৯৫ টা কাছ। গ্ৰেপ্তাৰ এজন।

১৫. গুজৰাট কংগ্ৰেছৰ প্ৰাক্তন নেতা শংকৰ সিং বাঘেলাই কয়- ‘মনমোহন সিং পৃথিৱীৰ আটাইতকৈ ভাল প্ৰধানমন্ত্ৰী আছিল। তেওঁ প্ৰচাৰ বিহীনভাৱে দেশৰ কাৰণে কামবোৰ কৰি গৈছিল।’

১৬. ৩১ ডিচেম্বৰত দিল্লীবাসীৰ বাবে দুঃখবৰ। ৰাজধানী চহৰখনৰ ৰাজীৱ চ’ক মেট্ৰ ষ্টেচনত ৩১ ডিচেম্বৰৰ নিশা ৰেলৰ পৰা নামিব নোৱাৰিব যাত্ৰী। নাগৰিকৰ সুৰক্ষাৰ বাবে চৰকাৰে লৈছে এই পদক্ষেপ।

১৭. গোলাঘাটৰ বিশেষভাৱে সক্ষম পংখী ঘাটোৱাৰৰ পঢ়া শুনাৰ দায়িত্ব ল’লে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই। সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পিছতে এই পদক্ষেপ লয় বিধায়কগৰাকীয়ে।

১৮. যোৰাবাটৰ এঘাৰ মাইলত অচিনাক্ত বাহনৰ খুন্দাত নিহত এজন। ইফালে নমাইলত সংঘটিত অন্য এক ঘটনাত গুৰুতৰভাৱে আহত ৩ জন।

১৯. মেঘালয়ৰ জয়ন্তীয়া হিলছৰ অবৈধ কয়লাখনিত আৱদ্ধ ১৩ শ্ৰমিকক বিচাৰি দেওবাৰে নিশা পৰ্যন্ত অভিযান। এতিয়াও উদ্ধাৰ হোৱা নাই এজন শ্ৰমিক।

২০. হাজোত এ এছ০১-২৫চিচি-৯৫৫১ নম্বৰৰ ট্ৰেভেলাৰে খুন্দিয়ালে বাইক আৰোহীক। থিতাতে নিহত ৰঞ্জিত বৈশ্য নামৰ বাইক আৰোহীজন।

২১. মহাৰাষ্ট্ৰৰ থানেত এগৰাকী মহিলাৰ আত্মহত্যা। পাৰিবাৰিক কন্দলৰ বাবেই আত্মহত্যা মহিলাগৰাকীৰ।

২২. ২০১৯ৰ ২৯ মাৰ্ছত মুক্তি পাব হিন্দী ছবি ‘মেন্টেল হ্যে ক্যা’। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে কংগনা ৰানাৱট আৰু ৰাজকুমাৰ ৰাওৱে।

২৩. দেওবাৰে অব্যাহত আছে আজমলৰ বিৰুদ্ধে প্ৰতিবাদ। ৰাজ্যৰ বিভিন্ন অঞ্চলত আজমলক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে দল-সংগঠনসমূহে।

২৪. চুলতানপুৰত ভয়ংকৰ অগ্নিকাণ্ড। ৭টা গৃহ নিমিষতে ভস্মীভূত হয় অগ্নিকাণ্ডত।

২৫. ‘দ্য এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰ ছবিখন বিজেপিৰ বাবে এক নিৰ্বাচনী অস্ত্ৰ।’ এই মন্তব্য কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কৰ্ণেল অমৰিন্দৰ সিঙে।

The post ১ মিনিটত ২৫ খবৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EUerln
via IFTTT

Comments