মন্ত্ৰী, বিধায়ক, আমোলা-বিষয়াই আত্মসাত কৰিছে অনুসূচীত জাতিৰ উন্নয়নৰ ধন!

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ একাংশ মন্ত্ৰী, বিধায়ক তথা আমোলা বিষয়াই অনুসূচীত জাতিৰ উন্নয়নৰ বাবে আবন্তিত পুঁজি আত্মসাত কৰি অহাৰ বাবেই ৰাজ্যৰ প্ৰায় ৪০ লাখ অনুসূচীত জাতিৰ ৰাইজৰ সামগ্ৰিক উন্নয়ন সম্ভৱ হৈ উঠা নাই। আনকি, জাতিটোৰ সংৰক্ষিত আসনত নিৰ্বাচিত হোৱা বিধায়ক আৰু এগৰাকী সাংসদে অনুসূচীত জাতিৰ কল্যানৰ ধন উদৰ পুৰাই খাইছে। মহানগৰীৰ উজানবজাৰস্থিত ড আম্বেদকাৰ ভৱনত অনুষ্ঠিত হৈ যোৱা পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত এই মন্তব্য কৰে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদে।
সংবাদমাধ্যমত সোমবাৰে পৰিষদৰ সভাপতি ৰুবুল দাসে কয় যে, বিগত ২৬ অক্টোবৰত নতুন দিল্লীৰ সাংসদ মাৰ্গত পৰিষদে স্বায়ত্ব শাসনৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু তেওঁলোকে এই পদক্ষেপ লৈও বৰ্তমানলৈকে চৰকাৰৰ পৰা কোনো সঁহাৰি নাপালে বুলি অভিযোগ কৰে।
গতিকে আগন্তুক বাজেট অধিবেশনৰ পৰাই পৰিষদে অনুসূচীত জাতিক স্বায়ত্ব শাসন প্ৰদানৰ দাবীত ৰাজ্যজুৰি ব্যাপক ৰূপত আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে পৰিষদে এই বৰ্ষৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাট জিলা পুথি ভঁৰালত ২১ ফেব্ৰুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব। উক্ত দিৱসৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ লগতে মুকলি সভাত ৰাজ্যৰ জাতীয় জনগোষ্ঠী সংগঠনৰ নেতৃবৃন্দৰ উপস্থিতিত ঐক্যবদ্ধ সংগ্ৰাম কৰাৰো পোষকতা কৰা হ’ব বুলি পৰিষদৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকদ্বয় শ্ৰী কমলাকান্ত দাস আৰু জিতু কাকতিয়ে জনায়।
ইফালে আগন্তুক বৰ্ষৰ বাবে তন্ময় দাসক সভাপতি আৰু যাদৱ দাসক সাধাৰণ সম্পাদক হিচাবে লৈ মহানগৰ জিলা সমিতিখন পুনৰ গঠন কৰা হয় বুলি এক প্ৰেছ বিবৃত্তিৰ জৰিয়তে জনায় পৰিষদৰ বিষয়ববীয়াসকলে।
The post মন্ত্ৰী, বিধায়ক, আমোলা-বিষয়াই আত্মসাত কৰিছে অনুসূচীত জাতিৰ উন্নয়নৰ ধন! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2RmHoNA
via IFTTT
Comments
Post a Comment