নগাঁৱত সাঁকোৰ ওপৰৰে চাইকেল চালনা প্ৰতিযোগিতা

গণ বাৰ্তা, নগাঁওঃ সমগ্ৰ দেশতে পুৰনি বছৰক বিদায় দি নতুন বছৰক আদৰাৰ প্ৰস্তুতি চলিছে। বনভোজ, ভোজভাত, ভ্ৰমণৰ পৰা আদি কৰি ঈশ্বৰৰ আৰ্শীবাদ লোৱালৈকে সকলোৱে ব্যস্ত থকাৰ সময়তে ইন্টাৰনেটৰ দ্বাৰা আকৃষ্ট হৈ নগাঁও চহৰৰ সমীপবৰ্তী মধ্য শিয়ালমাৰিত ডাকৰঘাট যুৱ কংগ্ৰেছ আৰু স্থানীয় ৰাইজে অনুষ্ঠিত কৰিলে এক ব্যতিক্ৰমী প্ৰতিযোগিতা। একমাত্ৰ ৰাইজৰ মনোৰঞ্জনৰ বাবেই পোন প্ৰথমবাৰৰ বাবে নগাঁৱত অনুষ্ঠিত সাঁকোৰ ওপৰৰে চাইকেল চালনা প্ৰতিযোগিতাত প্ৰায় তিনি সহস্ৰাধিক দৰ্শক আৰু প্ৰায় ২০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত শিশুৰ পৰা বৃদ্ধলৈকে অংশগ্ৰহণ কৰে।  ইন্টাৰনেটত দেখি অনুষ্ঠিত কৰা এই ব্যতিক্ৰমী প্ৰতিযোগিতাই ইন্টাৰনেটে যে গাওঁ-ভূঞেঁ প্ৰভাৱ বিস্তাৰ কৰিছে সেইটোকে প্ৰতিফলিত কৰিছে। এই প্ৰতিযোগিতাখন উদ্ধোধন কৰে প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই। অনুষ্ঠানত স্থানীয় পাখিমৰীয়া জিলা পৰিষদ সমষ্টিৰ নৱ নিৰ্বাচিত সদস্যা দীপিকা শইকীয়া, ডাকৰঘাটৰ পঞ্চায়ত সভানেত্ৰী ৰাৱিয়া খাতুনকে ধৰি বহুকেইগৰাকী নেতা-কৰ্মী। প্ৰতিযোগিতাখনত  প্ৰথম পুৰস্কাৰ লাভ কৰে প্ৰাচুৰ্য প্ৰান ঠাকুৰীয়াই,দ্বিতীয় পুৰস্কাৰ আৰু তৃতীয় পুৰস্কাৰ ক্ৰমে দিপাশুং বৰা ,বাবুল হুছেইনে লাভ কৰে।

The post নগাঁৱত সাঁকোৰ ওপৰৰে চাইকেল চালনা প্ৰতিযোগিতা appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2AmgFa2
via IFTTT

Comments