আজি ৰাজ্যসভাত উত্থাপন তিনি তালাক সম্পৰ্কীয় বিধেয়ক

  • আজি ৰাজ্যসভাত উত্থাপন হ’ব তিনি তালাক সম্পৰ্কীয় বিধেয়ক।
  • তিনি তালাক প্ৰথাক অপৰাধৰূপে গণ্য কৰা এই বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পিছত আজি উত্থাপন কৰা হ’ব ৰাজ্যসভাত।
  • নিম্ন সদনত সংখ্যাগৰিষ্ঠ ভোটেৰে গৃহীত হৈছিল বিধেয়কখন।
  • বিধেয়কখনৰ সপক্ষে ২৪৫টা ভোটৰ বিপৰীতে বিপক্ষে পৰিছিল মাত্ৰ ১১টা ভোট।
  • বিজেপি আৰু কংগ্ৰেছে ইতিমধ্যে হুইপ জাৰি কৰি নিজৰ সাংসদসকলক সংসদত উপস্থিত থকাৰ নিৰ্দেশ জাৰি কৰিছে।
  • ইফালে, একাংশ বিৰোধী দলে এই বিধেয়কখন সংসদত উত্থাপন কৰাৰ পূৰ্বে ছিলেক্ট কমিটীলৈ প্ৰেৰণৰ দাবী জনাইছে।

The post আজি ৰাজ্যসভাত উত্থাপন তিনি তালাক সম্পৰ্কীয় বিধেয়ক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2SnTZNA
via IFTTT

Comments