পুৱাৰ খবৰ

১. ৰাজ্যত বিগত ২৪ ঘণ্টাত ২৬৭ জন লোক কোভিডত আক্ৰান্ত হৈছে। এই সময়ছোৱাত মুঠ ২৯, ৪৩২ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰা হৈছিল। সেই অনুসৰি কোভিড পজিটিভিৰ হাৰ ০.৯১ শতাংশ।
২. বিগত ২৪ ঘণ্টাত ৰাজ্যত ৬ গৰাকী লোক কোভিড আক্ৰান্ত হৈ মৃত্যু হয়।যোৰহাট জিলাত ৩ জন, ডিমা হাচাও, শিৱসাগৰ আৰু শোণিতপুৰত এজনকৈ লোক কোভিড আক্ৰান্ত হৈ মৃত্যু হয়।
৩. কামৰূপ মহানগৰ জিলাত ১০০ জন, কামৰূপ গ্ৰাম্য জিলাত ১৮ জন, বৰপেটা জিলাত ১৬ জন, ডিমা হাচাও জিলাত ১৪ জন লোক কোৰোনাত আক্ৰান্ত হৈছে।
৪. ইম্ফল পূব জিলাৰ নেচনেল পিপলছ পাৰ্টিৰ (এনপিপি) এজন কৰ্মীৰ বাসগৃহৰ সন্মুখত বোমা বিস্ফোৰণ সংঘটিত হৈছে।শুকুৰবাৰে নিশা প্ৰায় ৮ বজাত সংঘটিত হৈছে এই ঘটনা। অৱশ্যে এই ঘটনাত কোনো লোক হাতাহত হোৱা নাই।
৫. হিজাব বিতৰ্কই উত্তপ্ত কৰি ৰখা কৰ্ণাটকত ৰাজ্যচৰকাৰে ৰাজ্যখনত ডিগ্ৰী আৰু ডিপ্লোমা মহাবিদ্যালয়সমূহ আগন্তুক ১৬ ফেব্ৰুৱাৰীলৈকে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
৬. ৰাহুল গান্ধীয়ে পাকিস্তানৰ ওপৰত ভাৰতৰ দ্বাৰা চলোৱা চাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচাৰিছে। ৰাহুল ৰাজীৱ গান্ধীৰ পুত্ৰ হয়নে নহয় আমি কেতিয়াবা প্ৰমাণ বিচাৰিছিলোঁ নেকি? এই প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ।
৭. মই সংসদত সংবাদ মাধ্যমৰ স্বাধীনতাৰ বিষয়টো উত্থাপন কৰিছো। সাংবাদিকসকলক তেওঁলোকৰ কাম কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। ২ কাশ্মীৰী সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে। এইটো সঁচাকৈয়ে এক বিপদজনক পৰিস্থিতি। চৰকাৰে সাংবাদিকসকলক মুক্তি দিয়া উচিত আৰু তেওঁলোকক তেওঁলোকৰ কাম কৰিবলৈ দিয়া উচিত। এই মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ শশী থাৰুৰে।
৮. এমাহৰ বাবে স্থগিত ৰখা হ’ল লোকসভা। ১৪ মাৰ্চৰ পৰা পুনৰ আৰম্ভ হ’ব অধিৱেশনৰ দ্বিতীয় পৰ্যায়ৰ বৈঠক।
৯. ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মূল তালিকাত চৰাইদেউ মৈডামক্ষেত্ৰই স্থান পোৱাৰ উদেশ্যেৰে শুকুৰবাৰে ঐতিহ্যমণ্ডিত চৰাইদেউৰ লাংকুৰী দেওশালত টাই ৰীতি-নীতিৰে পূজা অৰ্চনা কৰা হয় ।
১০. আমি মিচিং, ৰাভা, তিৱা আৰু দেউৰী ভাষাক প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ মাধ্যম হিচাপে পৰিচয় দিয়াৰ সিদ্ধান্ত লৈছো। পাঠ্যপুথিসমূহ এনেদৰে প্ৰস্তুত কৰা হ’ব যাতে শিক্ষাৰ্থীসকলে একেসময়তে অসম বা ইংৰাজী ভাষা শিকিব পাৰে। শিক্ষা মন্ত্ৰী ৰানোজ পেগুৰ মন্তব্য এইয়া।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/1eAfGqR
via IFTTT
Comments
Post a Comment