লাকুৱা উন্নয়ন খণ্ডত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী প্ৰতিবাদ অব্যাহত…

ডিজিটেল সংবাদ চৰাইদেউঃ ৰাজ্যজুৰি উন্নয়ন খণ্ডৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে নাৰ্য্য প্ৰাপ্য বিচাৰি নিজ নিজ উন্নয়ন খণ্ডৰ কাৰ্যালয় প্ৰাংগনত যোৱা ১ ফেব্ৰুৱাৰী পৰা কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী অব্যাহত ৰাখিছে ৷ সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী আহ্বান মৰ্মে চৰাইদেউ জিলাৰ লাকুৱা উন্নয়ন খণ্ডটো ঠিকাভিত্তিক কৰ্মচাৰীসকলে উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কৰ্মচাৰীসকলে পহিলা ফেব্ৰুৱাৰীৰ পৰা প্ৰাপ্য অধিকাৰ বিচাৰি ধাৰাবাহিক কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী অব্যাহত ৰাখিছে।
ঠিকাভিত্তিক গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে ৭ দিন ধৰি অব্যাহত ৰখা প্ৰতিবাদী কাৰ্যসূচীৰ ফলত উন্নয়ন খণ্ডৰ স্বাভাৱিক কাম-কাজ স্তব্ধ হৈ পৰিছে। উল্লেখ্য যে ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰা, আৰ অ’পিৰ ব্যৱস্থা কৰা, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সুবিধাসমূহ প্ৰদান কৰা, সকলো কৰ্মচাৰীৰ সম কামৰ সম বেতন নীতি প্ৰযোজ্য কৰা, বিভাগত খালী হোৱা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা, যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিক কৰ্মচাৰীক বিভাগীয় ভাৱে পৰীক্ষা পাতি নিযুক্তি প্ৰদান দাবীৰ সমৰ্থনত প্ৰতিবাদকাৰীসকলে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে৷ ইফালে এই প্ৰতিবাদৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই বৰ্তমানেও কোনো গুৰুত্ব প্ৰদান কৰা নকৰাত মঙ্গলবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈকে এই প্ৰতিবদী কাৰ্যসূচী অব্যাহত থাকিব বুলি জানিবলৈ দিছে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/lvc4gp0
via IFTTT
Comments
Post a Comment