মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠান

ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও জিলাৰ ঐতিহাসিক মায়ঙৰ উচ্চ শিক্ষাৰ অনুষ্ঠান মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহৰ সামৰণী অনুষ্ঠান উপলক্ষে আজি মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বঁটা বিতৰণী ,মুকলি সভা আৰু বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান।যোৱা ২৮ জানুৱাৰী ৰ পৰা আৰম্ভ হোৱা মহাবিদ্যালয় সপ্তাহৰ ক্ৰীড়া,সাহিত্য আৰু গীত নৃত্য প্ৰতিযোগিতা ৰ সামৰণি পৰে ২ ফেব্ৰুৱাৰীত। প্ৰতিযোগিতাত স্থান পোৱা সকলক বঁটা প্ৰদান উপলক্ষে আজি অনুষ্ঠিত হয় মুকলি সভা এখন।বিশিষ্ট সমাজ কৰ্মী প্ৰফুল্ল ভূঞা ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা খনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ ৰাখে বিশিষ্ট শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰামচৰণ ভৰালীয়ে।
মুখ্য অতিথিৰ ভাষণত বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে মায়ং আঞ্চলিক মহাবিদ্যালয় ৰ ছাত্ৰ ছাত্ৰী সকলক আগন্তুক দিনত দক্ষতা বিকাশৰ ওপৰত অধিক গুৰুত্ব দি শিক্ষা প্ৰদান কৰিবলৈ আহ্বান জনায়।ছাত্ৰ ছাত্ৰী সকলে যাতে মহাবিদ্যালয় ৰ শিক্ষা সাং কৰাৰ পিছত ঘৰত নিবনুৱা হৈ বহি নাথাকি কিদৰে নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে সেই দিশটোৰ ওপৰত গুৰুত্ব দি ভাষণ আগবঢ়াই।মহাবিদ্যালয় খনৰ অধ্যাপক তথা সাংস্কৃতিক বিভাগৰ তত্ত্বাৱধায়ক ডঃ উৎপল নাথে আঁত ধৰা মুকলি সভা খনৰ আদৰণি ভাষণ দিয়ে অধ্যক্ষ ডঃ মহানন্দ বৰাই।আজিৰ সভাত মায়ং আঞ্চলিক মহাবিদ্যালয় ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডঃ ফানীভূষণ নাথেও ছাত্ৰ ছাত্ৰী সকলক উদ্বুদ্ধ হোৱাকৈ ভাষণ ৰাখে।
মহাবিদ্যালয় ৰ বাৰ্ষিক আলোচনী “প্ৰগতি “উন্মোচন কৰে বিশিষ্ট অতিথি যোগেন কলিতাই।আলোচনী সম্পাদিকা ৰিমজিম ৰাজকুমাৰী ৰ সম্পাদনা আৰু অধ্যাপিকা ডঃ মিনাক্ষী তামুলীৰ তত্বাৱধানত প্ৰকাশ হোৱা আলোচনী খনত কবিতা,গল্প,ভ্ৰমণ কাহিনী কে ধৰি ভালে কেইটা তথ্য গধুৰ লেখা প্ৰকাশ হয়।আজিৰ সভা খনত মহাবিদ্যালয় খনৰ ৮ গৰাকী কীৰ্তি ছাত্ৰ ছাত্ৰীক বিশেষ সম্বৰ্ধনা জনোৱা হয় আৰু মায়ং খনিকৰ প্ৰয়াত দ্বীপন চন্দ্ৰ নাথ সোঁৱৰণী বঁটা এজন ছাত্ৰ ক প্ৰদান কৰা হয়।মহাবিদ্যালয় সপ্তাহৰ ক্ৰীড়া বিভাগৰ তত্বাৱধায়ক অধ্যাপিকা কবিতা মেধি আৰু কার্যলয়ৰ জ্যেষ্ঠ সহায়ক দিলীপ শইকীয়া ই আজিৰ বঁটা বিতৰণী সভা খনত সহযোগ কৰে।
ছাত্ৰ একতা সভাৰ সভানেত্ৰী অংকিতা মাছুম দাস আৰু সাধাৰণ সম্পাদক ৰাজীৱ চৰকাৰেও আজিৰ সামৰণি অনুষ্ঠান ৰ প্ৰতিটো কাৰ্যসূচী ত বিশেষ উদ্যোগ গ্ৰহণ কৰে।বিয়লি ৰ ভাগত মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী আৰু আমন্ত্ৰিত শিল্পীয়ে সাংস্কৃতিক অনুষ্ঠান ত গীত পৰিবেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।আজিৰ মুকলি সভা খনত মায়ং অঞ্চলৰ ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/OC8TPAK
via IFTTT
Comments
Post a Comment