বিজেপি কৰ্মীৰ ঘৰৰ পৰা ৩ কোটি ৭০ লাখতকৈ অধিক ধন জব্দ…

ডিজিটেল ডেস্কঃ নয়ডাত এজন বিজেপি কৰ্মীৰ ঘৰৰ পৰা আৰক্ষীয়ে নগত ৩ কোটি ৭০ লাখ ৫০ হাজাৰ টকা উদ্ধাৰ কৰিছে। এই বুজন পৰিমাণৰ ধন বিজেপি কৰ্মী প্ৰেমপাল সিং নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে। প্ৰেমপাল সিং নগৰ চেক্টৰ ৪৪ ৰ এটা ভাড়াঘৰত বাস কৰে। আয়কৰ বিভাগৰ দলটোৱে এই সমগ্ৰ ধনৰ বিষয়ে অনুসন্ধান কৰি আছে। প্ৰেমপাল সিঙে উদ্ধাৰ হোৱা ধনৰ বিষয়ে কোনো তথ্য দিব পৰা নাই। আৰক্ষীৰ দলটোৱে টকাখিনি জব্দ কৰিছে।
তথ্য অনুসৰি, আৰক্ষী থানা চেক্টৰ-৩৯ নয়ডা আৰক্ষীয়ে তথ্য পাইছিল যে, চেক্টৰ-৪৪ৰ প্ৰেমপাল সিং নগৰৰ ঘৰত বৃহৎ পৰিমাণৰ নগদ ধন ৰখা হৈছে। কোৱা হৈছে যে এই ধনখিনি নিৰ্বাচনত খৰচ কৰিবলৈ ৰখা হৈছিল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/HZ8XyQd
via IFTTT
Comments
Post a Comment