১ মিনিটত ২৫ খবৰ

১. বিগত ২৪ ঘণ্টাত ৰাজ্যত ৫৫৭ গৰাকী লোক নতুনকৈ কোৰোনাত আক্ৰানত হৈছে।

২ এই সময়ছোৱাত মুঠ ৩৫,৯৫২ গৰাকী ব্যক্তিৰ কোভিড পৰীক্ষা কৰা হৈছিল। সেই অনুসৰি কোভিড পজিটিভিটিৰ হাৰ ১.৫৫ শতাংশ

৩. ৰাজ্যত বিগত ২৪ ঘণ্টাত কোভিড আক্ৰান্ত হৈ মুঠ ১০ গৰাকী লোকৰ মৃত্যু হৈছে।

৪. গোলাঘাট, কামৰূপ মহানগৰ জিলাত ২জনকৈ লোক কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লগতে দৰং, ডিব্ৰুগড়, মৰিগাওঁ, লখিমপুৰ শিৱসাগৰ আৰু শোণিতপুৰত এজনকৈ লোক কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে।

৫. কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১১৬ গৰাকী, গোৱালপাৰাত ৩৯ গৰাকী, যোৰহাটত ৩১ গৰাকী আৰু গোলাঘাটত সৰ্বাধিক ২৮ গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে।

৬. চিৰাং জিলাৰ বাসুগাওঁ আৰক্ষী থানাৰ কনিষ্টবল প্ৰদীপ শাহাই প্ৰশ্ন কৰাৰ বাবেই প্ৰতিদিন টাইমৰ সাংবাদিক জয়ন্ত দেৱনাথক শাৰীৰিক ভাৱে প্ৰহাৰ কৰে।

৭. নিগৃহিত সাংবাদিকগৰাকীৰ এজাহাৰৰ ভিত্তিতে এক গোচৰ ৰুজু কৰি অভিযুক্ত দুগৰাকীকৈ কনিষ্টবলৰ ৰিজাৰ্ভ ক্ল’জ কৰিলে চিৰাং আৰক্ষী অধীক্ষকে।

৮. সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত নাথাকে কোনো কোভিড প্ৰট’কল। কেৱল মাস্ক আৰু চেনিটাইজাৰ ব্যৱাহৰ হে থাকিব।

৯. ১৫ ফেব্ৰুৱাৰীৰ পৰা খুলিব সকলো শিক্ষানুষ্ঠান। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ লগত জড়িত সকলোৱে গ্ৰহণ কৰিব লাগিব কোভিডৰ দুয়োটা প্ৰতিষেধক।

১০. বিহু উদযাপনৰ বাবে ৰাজ্য চৰকাৰে ১০ বছৰ পুৰণি বিহু কমিটীক প্ৰদা কৰিব ডেৰ লাখকৈ টকা। ১বহাগৰ পৰা ৭ বহাগলৈ বিহু উদযাপন কৰা কমিটীলৈ এই সুবিধা চৰকাৰৰ।

১১. চি বি আইয়ে বিশাখাপত্তনম হুইল এলিজিডিলিৰ একুইটাছ স্মল ফাইনেন্স বেংকৰ এজন শাখা মেনেজাৰক গ্ৰেপ্তাৰ কৰিছে।

১২. জম্মু আৰু কাশ্মীৰৰ অৱন্তীপোৰাৰ নামবাল এলেকাত এনকাউণ্টাৰ সংঘটিত হৈছে।

১৩. কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এ আই এম আই এমৰ মুৰব্বী আসাদুদ্দিন ওৱেইছিৰ কনভয়ৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়ে ৰাজ্য চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ওৱেইছিক কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰাপত্তা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।

১৪. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙ্গলবাৰে পুৱা ১১ বজাত ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ দিয়াৰ সম্ভাৱনা আছে।

১৫. ১৯৮০চনৰ পৰা ২০০০ চনলৈ গোৱাত কংগ্ৰেছ পূৰ্ণ সংখ্যাগৰিষ্ঠতাত আছিল।২০১২ চনলৈকে, গোৱাত কংগ্ৰেছৰ চৰকাৰ আছিল। গোৱাৰ মানুহে কেতিয়াও বিজেপিক ভোট দিয়া নাই, তেওঁলোকে কেৱল এবাৰহে ক্ষমতালৈ আহিছে। এই মন্তব্য গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ সাংসদ ফ্ৰাঞ্চিস্কো চাৰ্ডিনহাৰ।

১৬. মণিপুৰ আৰক্ষীৰ সৈতে এক যুটীয়া অভিযানত অসম ৰাইফলছ আই জি এ আৰ (দক্ষিণ)ৰ ফুন্দ্ৰেই বেটেলিয়নে মণিপুৰৰ কাকচিংত কে ৱাই কে এল গোটৰ এজন বিদ্ৰোহীক আটক কৰে। ধৰা পৰা বিদ্ৰোহীজনক অধিক অনুসন্ধানৰ বাবে ৱাইখোং আৰক্ষী থানাক গতাই দিয়া হৈছে বুলি অসম ৰাইফলছে প্ৰকাশ কৰিছে।

১৭. দুজন লোকক অসমৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত আকাশীগঙ্গা অঞ্চলত আটক কৰা হৈছে। তেওঁলোক দুজনৰ পৰা ১০০ পেকেট য়াবা টেবলেট উদ্ধাৰ কৰা হৈছে।

১৮. উদ্ধাৰকৰা টেবলেটখিনিৰ ওজন২.৫ কিলোগ্ৰাম। ইয়াত মুঠ ২০০ টা টেবলেট আছে। যা বজাৰ মূল্য প্ৰায় ১ কোটি টকা পৰ্যন্ত হ’ব বুলি সন্দেহ কৰা হৈছে।

১৯. দিল্লীত যোৱা ২৪ ঘণ্টাত ১,১৫১ গৰাকী লোক নতুনকৈ কোভিড আক্ৰান্ত হৈছে। এই সময়ছোৱাত মুঠ ১৫ গৰাকী ব্যক্তিৰ কোভিডত মৃত্যু হৈছে।

২০. কিংবদন্তী গায়িকা লতা মংগেশকাৰৰ প্ৰতি শ্ৰদ্ধা জনাই ৱাশ্বিংটন ডিচিৰ ভাৰতীয় দূতাবাসত অৰ্ধ নমিত কৰা হ’ল ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা।

২১. ভাৰত চীন সীমান্তত অত্যাধিক বৰফৰ মাজতে তহ দিবৰ বাবে সেনাই স্কি ব্যৱহাৰ কৰিছে।

২২. কংগ্ৰেছে তামিল অনুভূতিক আঘাত কৰাৰ চেষ্টা কৰিছে। কংগ্ৰেছে দেশক বিভাজন কৰি শাসন কৰিব বিচাৰে। বিভাজন আৰু শাসন তেওঁলোকৰ ডিএনএত আছে। লোকসভাত এই মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে।

২৩. পুনৰ উত্থাপন হৈছে পৃথক বড়োলেণ্ডৰ প্ৰসংগ। পৃথক বড়োলেণ্ড গঠনৰ দাবীৰে কোকৰাঝাৰত সোমবাৰে গঠন হ’ল বড়ো নেশন্যেল ষ্টুডেণ্ট ইউনিয়ন।

২৪. সংগঠনটোৱে সোমবাৰে প্ৰথমখন আনুষ্ঠানিক সংবাদ মেল সম্বোধন কৰাৰ সময়তে কোকৰাঝাৰৰ এখন হোটেলত সৃষ্টিহয় উত্তপ্ত পৰিস্থিতি। এবছুৰ একাংশ সদস্যই প্ৰৱেশ কৰি নৱ গঠিত ছাত্ৰ সংগঠনটোৰ নেতাক দিলে লপা-থপা।

২৫. মানসী বায়নৰ কথাৰে সংগীতা বৰঠাকুৰৰ কণ্ঠৰে সোমবাৰে মুক্তি পালে ‘মুকুতাৰে ভৰিছে সেউজ দলিচা’ শীৰ্ষক সুমধুৰ সংগীত। এই গীতটো সংগীতা বৰঠাকুৰৰ নিজা ইউটিউব চেনেল আৰু ধ্বনি মিউজিক নামৰ ইউটিউব চেনেলত উপলব্ধ হৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/KI9q2We
via IFTTT

Comments