মাদক দ্ৰব্য সেৱন কৰাটো মানসিক ৰোগ, গুটখাই সুৰা সেৱনৰ প্ৰৱণতাক ওচৰ চপাই আনেঃ ডাঃ নিপুল মহন্ত

ডিজিটেল সংবাদ, নলবাৰী: মাদক দ্ৰব্য সেৱন কৰাটো মানসিক ৰোগ। বহু লোকে আন সমস্যাক সমাধান কৰিব নোৱাৰি হীনমন্যতাত ভুগি মাদক দ্ৰব্য সেৱন কৰিবলৈ লয়। ইয়াৰ ফলত পৰিয়াল আৰু সমাজত নানা আহুকালৰ সৃষ্টি হয় । মাদক দ্ৰব্য সেৱনৰ দুৱাৰমুখ হৈছে নিকোটিন । সেই নিকোটিন গুটখাত থাকে । নিকোটিনে মগজুত বৰকৈ ক্ৰিয়া কৰে । চমুকৈ, গুটখাই মদ খোৱাৰ প্ৰৱণতাক ওচৰ চপাই আনে । দেহ মন ভালে ৰাখিবলৈ এইবোৰ অখাদ্যৰপৰা সদায় আঁতৰত থাকিব লাগে । এই মন্তব্য নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতী অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ বিশেষজ্ঞ ডাঃ নিপুল মহন্তৰ ।
নলবাৰী জিলা মানসিক স্বাস্থ্য আঁচনি ৰূপায়ণ বিভাগৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী অনুষ্ঠান ‘আশ্ৰয়’ৰ সহযোগত ৮ ফেব্ৰুৱাৰিত টিহুৰ জাতীয় বিদ্যালয়ত স্বাস্থ্য সজাগতা সভা এখন সম্পন্ন হয় । এই সভাত ভাষণ প্ৰদান কৰি ডাঃ মহন্তই কয়, মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতাৰ অভাৱত আমাৰ বহু ক্ষতি হয় । সেই বিষয়ে মানুহৰ জ্ঞানো বহু কম । পৰিয়ালৰ বা বংশৰ বদনাম হোৱাৰ ভয়ত বিষাদগ্ৰস্থতা বা মানসিক ৰোগক লুকুৱাই ৰখা হয় । এনে ৰোগীসকলে সদায় নিসংগ অনুভৱ কৰে । মন মাৰি থাকে, খিংখিঙীয়া হয় । মানসিক ৰোগৰ অন্য এটা নাম হতাশা ।
আত্মহত্যা কৰা লোকৰ ভিতৰত ৮৫ শতাংশ লোক হতাশাত ভুগি থকা । আকৌ ৯০–৯৫ শতাংশ লোকৰ মাদক দ্ৰব্যৰ কুপ্ৰভাৱৰ ফলত মৃত্যু হয় । ‘আশ্ৰয়’ৰ সভাপতি ৰিংকু বৰুৱা মহন্তই প্ৰাৰম্ভিক ভাষণ প্ৰদান কৰাৰ পাছতে মানসিক ৰোগৰ বিশিষ্ট চিকিৎসক গৰাকীয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ২০২০ চনলৈ ভাৰত বিষাদগ্ৰস্ততা ৰোগত তৃতীয় স্থানত থকা বুলি দোহাৰি লগতে কয় যে এই ক্ষেত্ৰত মানুহ মদ, ভাং, ড্ৰাগছ, গুটখা আদি ৰাসায়নিক মাদক দ্ৰব্যৰ আসক্তিৰ সমানে শিশু–কিশোৰসকলক অৰাসায়নিক ম’বাইল ফ’নৰ আসক্তিয়েও শিশু–কিশোৰসকলৰ বহু ক্ষতি কৰিছে। শিক্ষাৰ্থী, শিক্ষক, শিক্ষাৰ্থীৰ অভিভাৱক–অভিভাৱিকাসকল উপস্থিত থকা এই অনুষ্ঠানত টিহুৰ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক ধৰণী ডেকা আৰু মানসিক ৰোগ স্বাস্থ্য বিষয়ক কৰ্মী মমি দেৱীয়েও প্ৰাসংগিক ভাষণ প্ৰদান কৰে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Hd5ikF9
via IFTTT
Comments
Post a Comment