ডিমা হাচাওৰ মান্দাৰদিচাত বাৰ্মিজ চুপাৰি জব্দ, আটক দুজনক…

ডিজিটেল সংবাদ, লামডিংঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চোৰাং ব্যৱসায়, দালালৰাজ আদিৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰিছে যদিও ইয়াৰ মাজতো ৰাজ্যত বাৰ্মিজ চুপাৰিৰ চোৰাং বেহা অব্যাহত আছে। ডিমাহাচাও জিলাৰ মান্দাৰদিচা আৰক্ষীয়ে আজি পুৱা চুপাৰি ভৰ্ত্তি ট্ৰাক জব্দ কৰা ঘটনাই এই কথা পোহৰলৈ আনিছে। মান্দাৰদিচা আৰক্ষীয়ে প্ৰায় ১৮ বস্তা সন্দেহযুক্ত বাৰ্মিজ চুপাৰী আৰু ৭৯ বস্তা তামোল জব্দ কৰে ৷জব্দকৃত বাৰ্মিজ চুপাৰিখিনিৰ ওজন ১১৬০কেজি হব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।
২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে শিলচৰৰ পৰা লংকালৈ যোৱাৰ পথত আৰক্ষীয়ে চুপাৰিখিনি জব্দ কৰে ৷ আৰক্ষীয়ে এ এছ ০১ এল চি ১৬৯১ নম্বৰৰ মিনি ট্ৰাকখনৰ পৰা এই সামগ্ৰীখিনি জব্দ কৰাৰ লগতে ইকবাল হুছেইন আৰু আলি হুছেইন নামৰ দুজন লোককো আটক কৰিছে ৷ জানিব পৰা মতে, ২৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ মান্দাৰদিচাৰ লাংটিং আৰক্ষী চকীৰ বিষয়া বাণিকান্ত পেগুৰ নেতৃত্বত এই অভিযান চলিছিল। এই সম্পৰ্কত লাংটিং আৰক্ষী চকীত ০৩/২২ নম্বৰত এটি গোচৰ ৰুজু হৈছে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/jkfAouneC
via IFTTT
Comments
Post a Comment