চোৰাং বালি সৰবৰাহৰ বিৰুদ্ধে চলোৱা অভিযানকালত শিৱসাগৰত বন বিভাগৰ বাহন দুৰ্ঘটনাগ্ৰস্ত! ৪ জনৰ মৃত্যু, আহত ২

ডিজিটেল সংবাদ, শিৱসাগৰঃ শুকুৰবাবে পুৱতি নিশা শিৱসাগৰত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাই জিলাখনত শোকৰ ছাঁ সৃষ্টি কৰিছে। জিলাখনৰ চাৰিং অঞ্চলত পুৱতি নিশা এখন বন বিভাগৰ জিপছী বাহন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ৪ জন লোকৰ মৃত্যু ঘটাৰ লগতে ২ জন লোক গুৰুতৰভাৱে আহত হয়।
জানিব পৰা মতে, শিৱসাগৰ বন সংমণ্ডলৰ পৰা বন বিষয়া-কৰ্মচাৰী কেইগৰাকীয়ে এএছ ০৪টি ৫১৩৭ নম্বৰৰ জিপছীখনেৰে নিশাৰে পৰা চোৰাং বালি সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাইছিল। এই অভিযান কালতে পুৱাতি নিশা তেওঁলোকৰ বাহনখন দুৰ্ঘটনাত পতিত হোৱাত প্ৰশান্ত দত্ত (ফৰেষ্ট গাৰ্ড), বিপুল হাজৰিকা (ফৰেষ্ট গাৰ্ড), নিজাম আহমেহ আৰু প্ৰিয়ম মেচৰ মৃত্যু ঘটে।
আনহাতে এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন দুগৰাকী বন বিভাগৰ ৰেঞ্জাৰ বুবুল বৰুৱা আৰু ফৰেষ্ট গাৰ্ড নিজামুদ্দিনক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয়। আহত দুয়োগৰাকীৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
অভিযোগ অনুসৰি শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত দীৰ্ঘ সময়ৰ পৰা একাংশ ব্যৱসায়ীয়ে অবৈধ বালিৰ সৰবৰাহেৰে ৰমৰমীয়া বেহা চলাই আহিছে। ট্ৰাকেৰে শিৱসাগৰৰ পৰা অবৈধ বালি সমূহ অন্য প্ৰান্তলৈ প্ৰেৰণ কৰি অবাধ ব্যৱসায় চলাই থকা এনে বালিভৰ্তি ট্ৰাকৰ সন্ধানত অভিযান চলাইছিল বন সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীকেইগৰাকীয়ে। তেনে পৰিপ্ৰেক্ষিততে কোনো দুষ্ট চক্ৰই বিষয়া-কৰ্মচাৰীৰ বাহনখনত অন্য গাড়ীৰে খুন্দিয়াই দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱা বুলিও সন্দেহ ব্যক্ত কৰিছে বহুতে।
The post চোৰাং বালি সৰবৰাহৰ বিৰুদ্ধে চলোৱা অভিযানকালত শিৱসাগৰত বন বিভাগৰ বাহন দুৰ্ঘটনাগ্ৰস্ত! ৪ জনৰ মৃত্যু, আহত ২ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZrIMmP
via IFTTT
Comments
Post a Comment