এন আৰ চিক লৈ আমি আশা হেৰুৱাই পেলাইছোঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

ডিজিটেল ডেস্কঃ শনিবাৰে পুৱা ১০ বজাত প্ৰকাশ পালে এন আৰ চিৰ চূড়ান্ত তালিকা। এন আৰ চিৰ চূড়ান্ত তালিকাত সন্নিবিষ্ট হৈছে ৩,১১,২১,০০৪জন লোকৰ নাম। ইফালে, ১৯,০৬,৬৫৭ জন লোকৰ নাম এই চূড়ান্ত এন আৰ চিত বাদ পৰে। চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱাৰ পাছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে, আমাৰ বিশ্বাস আছিল এন আৰ চিয়ে অসমক অবৈধ বিদেশীমুক্ত কৰাত সহায় কৰিব।

মন্ত্ৰীগৰাকীয়ে লগতে কয়- ‘ড্ৰাফ্ট অহাৰ পাছত আমি এন আৰ চিৰ বৰ্তমানৰ পৰিস্থিতি চাই আশা হেৰুৱাই পেলাইছো। যেতিয়া কোনো প্ৰকৃত ভাৰতীয় নাগৰকিৰ নাম এন আৰ চিৰ পৰা বাদ পৰে, তেতিয়া কেনেকৈ দাবী কৰিব পাৰে যে এই তথ্যসমূহ অসমীয়া সমাজৰ বাবে ৰেড লেটাৰ।

‘দক্ষিণ শালমৰা আৰু ধুবুৰীৰ দৰে বাংলাদেশৰ সীমান্তৰ জিলাসমূহত এন আৰ চিত নাম বাদ পৰা লোকৰ সংখ্যা আটাইতকৈ কম। কিন্তু বাকীবোৰ জিলাত এই সংখ্যা অধিক। এইটো কেনেকৈ সম্ভৱ? অবৈধ বাংলাদেশীক অসমৰ পৰা বাহিৰ কৰিবৰ বাবে এন আৰি চি কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল বা ফাইনেল নহয়। আপোলোকে কিছু সময়ৰ বাবে অপেক্ষা কৰক, বিজেপিৰ শাসনকালতেই ফাইনেল এন আৰ চি পাব।’- সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

The post এন আৰ চিক লৈ আমি আশা হেৰুৱাই পেলাইছোঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZD9XpN
via IFTTT

Comments