ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি দিয়া ইমৰান খানে ধনৰ অভাৱত দিব পৰা নাই কাৰ্যালয়ৰে ৪১ লাখ টকাৰ বিদ্যুতৰ বিল…

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰক লৈ চলিত বৰ্ষতে সৰ্বাত্মক যুদ্ধ হব বুলি ঘোষণা কৰা দেউলীয়া পাকিস্তানৰ আৰ্থিক অৱস্থাই চৰম সীমা অতিক্ৰম কৰিছে। শেহতীয়া এক খবৰে পাকিস্তানৰ আৰ্থিক অৱস্থাক কথা পোহৰলৈ আনিছে।

নিউজ এক্সপ্ৰেছত প্ৰকাশিত খবৰ অনুসৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবে কোম্পানীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ বিদ্যুৎ কৰ্তনৰ জাননী প্ৰেৰণ কৰিছে। নিউজ এক্সপ্ৰেছৰ মতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে বিদ্যুৎ যোগান ধৰা কোম্পানীটোক পৰিশোধ কৰিবলৈ আছে ৪১ লাখ ১৩ হাজাৰ ৯৯২ কোটি টকা।

ইয়াৰোপৰি পূৰ্বৰ ৫ লাখ ৫৮ হাজাৰ টকা ধাৰো আছে। কোম্পানীটোৱে সদৰি কৰা তথ্য অনুসৰি প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰতিমাহে নিয়মিতভাৱে বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবেই এই পৰিস্থিতিৰ উদ্ভৱ হৈছে। অচিৰেই বিল পৰিশোধ নকৰিলে প্ৰধানমন্ত্ৰী কাৰ্যালয়ত বিদ্যুৎ কৰ্তনৰো হুংকাৰ দিছে কোম্পানীটোৱে।

The post ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি দিয়া ইমৰান খানে ধনৰ অভাৱত দিব পৰা নাই কাৰ্যালয়ৰে ৪১ লাখ টকাৰ বিদ্যুতৰ বিল… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zEtv2R
via IFTTT

Comments