৩২ বছৰে ভ্ৰাম্যমানৰ সৈতে জড়িত কহিনুৰ থিয়েটাৰৰ শিল্পীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু

ডিজিটেল ডেস্কঃ ৩২ বছৰে ভ্ৰাম্যমানৰ সৈতে জড়িত হৈ থকা এগৰাকী পোহৰ শিল্পীৰ মৃত্যুক কেন্দ্ৰ কৰি শোকৰ ছাঁ পৰে শিল্পী মহলত। সোমবাৰে নিশা কহিনুৰ থিয়েটাৰৰ নাটক চলি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ দেবেন ৰয় নামৰ পোহৰ শিল্পীগৰাকীৰ মৃত্যু ঘটে।
ঘটনা অনুসৰি, পাঠশালাত কহিনুৰ থিয়েটাৰে সোমবাৰে পৰিৱেশন কৰিছিল নাট্যদলটোৰ প্ৰথমখন নাট। নাটকৰ প্ৰথম দৰ্শনীৰ পিছত দ্বিতীয় দৰ্শনীৰ বাবে সাজু হৈছিল কলা কুশলীসকল। তাৰ মাজতে পোহৰ শিল্পীগৰাকীয়ে কাৰিকৰী প্ৰস্তুতি চলাই থকাৰ সময়ত আকস্মিকভাৱে বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয়।
লগে লগে অন্যন্য শিল্পীৰ সহযোগত কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰে শিল্পীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰে যদিও শিল্পী গৰাকীক চিকিৎসকে মৃত ঘোষণা কৰে। ইফালে শিল্পীগৰাকীৰ এই আকস্মিক মৃত্যুত পাঠশালাৰ লগতে কহিনুৰ থিয়েটাৰত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।
The post ৩২ বছৰে ভ্ৰাম্যমানৰ সৈতে জড়িত কহিনুৰ থিয়েটাৰৰ শিল্পীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PhVNdX
via IFTTT
Comments
Post a Comment