বিপদত সাংসদ আজম খান, আৰক্ষীয়ে ৰুজু কৰিছে ডকাইটিৰ গোচৰ…

ডিজিটেল ডেস্কঃ পু্নৰ বিপদত সাংসদ আজম খান। বিৰ্তক আৰু বিপদে লগ নেৰা হৈছে সাংসদজনক। শেহতীয়াকৈ আজম খানৰ বিৰুদ্ধে ৰামপুৰ আৰক্ষীয়ে ৰুজু কৰিছে এক ডকাইটি গোচৰ। সংবাদ মাধ্যমৰ সন্মুখত আৰক্ষীয়ে কয় যে, কিছুলোকৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই দোষী সাব্যস্ত কৰিছে আজম খানৰ লগতে আন ৬ জন ব্যক্তিক।
উল্লেখ্য যে, উত্তৰ প্ৰদেশত সমাজৱাদী চৰকাৰ থকাৰ সময়ত ৰামপুৰত বিদ্যালয় নিৰ্মাণৰ নামত বহুলোক মাটি দখল কৰিছিল আজম খানে। আৰক্ষীয়ে মন্তব্য কৰিছে যে, মাটি দখলৰ এই প্ৰক্ৰিয়া আছিল সম্পূৰ্ণ অবৈধ।
The post বিপদত সাংসদ আজম খান, আৰক্ষীয়ে ৰুজু কৰিছে ডকাইটিৰ গোচৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/34c2aDd
via IFTTT
Comments
Post a Comment