ইদৰ সময়ত মঙলদৈৰ ধূলাত আৰক্ষীয়ে জব্দ কৰা উটৰ মৃত্যু

ডিজিটেল সংবাদ, মঙলদৈঃ ঈদৰ সময়ত কোৰবানীৰ বাবে অনা অৱস্থাত ধূলাৰ টাংনি বজাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰা ৫টা ৰাজস্থানী উটৰ মঙলদৈ থানাৰ তত্বাৱধানত থকা এটা উটৰ দেওবাৰে নিশা মৃত্যু ঘটে। জানিব পৰা মতে, মূলতঃ মৰুভূমিত বিচৰণ কৰা উট কেইটাৰ বাবে অসমৰ জলবায়ু আৰু খাদ্য অনুকুল নোহোৱাত উট কেইটা ক্ৰমে দুৰ্বল হৈ পৰিছিল।
ইফালে মঙলদৈ আৰক্ষীয়ে উট কেইটা জব্দ কৰাৰ পিছত পশু বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি খাদ্য যোগান ধৰি আছিল যদিও উট কেইটাক পুনৰ ৰাজস্থানলৈ ঘূৰাই পঠিওৱাৰ বাবে প্ৰচেষ্টা চলাই আছিল ভাৰতীয় জীৱ-জন্তু সুৰক্ষা কল্যাণ বৰ্ডৰ অধ্যক্ষ সুজিত চৌধুৰীয়ে। আনকি উট কেইটা ৰাজস্থানলৈ প্ৰেৰণ কৰাৰ অনুমতি বিচাৰি আদালতৰো কাষ চাপিছিল অসম আৰক্ষী।
অন্যহাতে যোৱা ১০ আগষ্টৰ পৰা অসমত থকা উট কেইটাৰ বাবে অসমৰ জলবায়ু সঠিক নোহোৱাত ক্ৰমে দুৰ্বল হৈ পৰে। যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে পশু চিকিৎসকৰ সহায়ত উট কেইটাৰ চিকিৎসা চলাই আছিল যদিও এটা উটে অৱশেষত মৃত্যু ঘটে। ইফালে জীয়াই থকা বাকী ৪টা উটক অনতিপলমে ৰাজস্থানলৈ ঘূৰাই নপঠিয়ালে এনেকৈয়ে মৃ্ত্যুক সাৱটি ল’ব বুলি আশংকা কৰিছে পশুপ্ৰেমী তথা সচেতন মহলে।
The post ইদৰ সময়ত মঙলদৈৰ ধূলাত আৰক্ষীয়ে জব্দ কৰা উটৰ মৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2L6mvAY
via IFTTT
Comments
Post a Comment