‘শকত’ বুলি স্বামীয়ে কটাক্ষ কৰে তেওঁক, পাৰ্টীলৈও নিনিয়ে লগতঃ অৱশেষত পত্নীয়ে কৰিলে…

ডিজিটেল ডেস্কঃ স্বামী ছফটৱেৰ ইঞ্জিনিয়াৰ। দেখাতো সুন্দৰ। কিন্তু তেওঁহে শকত। সেইবাবেই স্বামীয়ে তেওঁক প্ৰায়ে ‘শকত’ বুলি জোকায়। বাহিৰৰ পাৰ্টীসমূহলৈ লগত নিনিয়ে তেওঁক। কয়, ‘বন্ধুবোৰৰ সন্মুখলৈ তোমাক লৈ গ’লে মোৰ সন্মান যাব।’ অৱশ্যে তেওঁ এনে নহয় যে ক্ষীণাবৰ বাবে চেষ্টা কৰা নাই। দৈনিক কচৰৎ কৰিছে, কিন্তু ক্ষীণোৱাৰ কোনো লক্ষণ নাই। আনফালে প্ৰতিদিন স্বামীৰ সেই একেই তীৰ্যক মন্তব্য শুনি শুনি অতীষ্ঠ হৈ পৰে তেওঁ।
অৱশেষত স্বামীৰ বিৰুদ্ধে আদালতৰ দাৰস্থ হ’ল মহিলাগৰাকী। উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ ইন্দিৰাপুৰমৰ নিৱাসী মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি ২০০৪ চনত তেওঁলোকৰ বিবাহ হৈছিল। বিবাহৰ পাছতে স্বামীয়ে তেওঁক মানসিকভাৱে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে। সদায় শকত শকত বুলি কটাক্ষ কৰে ছফ্টৱেৰ ইঞ্জিনিয়াৰ স্বামীয়ে। কোনো পাৰ্টীলৈ বা অনুষ্ঠানলৈ তেওঁ মহিলাগৰাকীক লগত লৈ নাযায়। লগত নিলে সন্মান লাঘৱ হ’ব বুলি কয়।’
এনে পৰিপ্ৰেক্ষিতত অৱশেষত উপায়হীন হৈয়েই তেওঁ আদালতৰ কাষ চপা বুলি মন্তব্য কৰে মহিলাগৰাকীয়ে। প্ৰকৃততে উত্তৰ প্ৰদেশৰ মেৰথৰ নিৱাসী স্বামীৰ মানসিক নিৰ্যাতনৰ বলি হোৱা মহিলাগৰাকীয়ে আদালতৰ পৰা ন্যায় বিচাৰি কয়, ‘মই শকত হোৱাটো মোৰ অপৰাধ নহয়। কিন্তু তেওঁ মোক বাৰে বাৰে এনেদৰে মানসিক অত্যাচাৰ চলাই থকাটো মোৰ সহ্য নহয়। মই বহুবাৰ আত্মহত্যা কৰাৰো চিন্তা কৰিছো, কিন্তু বহু ভাৱি চিন্তি সেই সিদ্ধান্ত এৰাই চলিবলৈ বাধ্য হৈছো। এতিয়া মোক ন্যায় লাগে। মোৰ স্বামীয়ে মোৰ ওপৰত কৰা অন্যায়ৰ বিচাৰ লাগে।’
The post ‘শকত’ বুলি স্বামীয়ে কটাক্ষ কৰে তেওঁক, পাৰ্টীলৈও নিনিয়ে লগতঃ অৱশেষত পত্নীয়ে কৰিলে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3407Q33
via IFTTT
Comments
Post a Comment