বিধ্বস্ত বাট- পথ মেৰামতি দাবীত মথুৰাপুৰত যুৱ-ছাত্ৰৰ অৱস্থান ধৰ্মঘট…

ডিজিটেল সংবাদ, মথুৰাপুৰঃ বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ মথুৰাপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মথুৰাপুৰ আঞ্চলিক সমিতিয়ে ৩ ঘন্টীয়া অৱস্থাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বিধ্বস্ত বাট পথসমূহ তৎকালীন ভাৱে মেৰামতি কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসুচী গ্ৰহণ কৰিছে সংগঠনটোৱে । দিনৰ ১১ বজাৰ পৰা যুৱ ছাত্র কৰ্মী সকলে মথুৰাপুৰ সদৰ তিনি আলিত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি স্থানীয় খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ।
The post বিধ্বস্ত বাট- পথ মেৰামতি দাবীত মথুৰাপুৰত যুৱ-ছাত্ৰৰ অৱস্থান ধৰ্মঘট… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32dxkbn
via IFTTT
Comments
Post a Comment