হোজাইত বিজেপি নেত্ৰীৰ পুত্ৰক দাৰে ঘপিয়াই হত্যা, গ্ৰেপ্তাৰ হত্যাকাৰী

ডিজিটেল সংবাদ, হোজাইঃ হোজাইত শুকুৰবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ডৰ ঘটনা।জিলা বিজেপি মহিলা মৰ্চাৰ প্ৰাক্তন সভানেত্ৰী মমতা থাউছেনৰ পুত্ৰ ৰমানন্দ বৰাক হত্যা দক্ষিণ বিদ্যানগৰ নিজ গৃহৰ ওচৰত। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী দীপক ৰাজখোৱাক।

হত্যাত ব্যৱহৃত দা জব্দ। ইপিনে মৃত যুৱকজনে প্ৰায়েই বিজেপিৰ নাম লৈ দাদাগিৰী কৰি অহাত অতিষ্ঠ হৈ হত্যা কৰা বুলি চাঞ্চল‍্যকৰ স্বীকাৰোক্তি ধৃত হত্যাকাৰী দীপক ৰাজখোৱাৰ। আৰক্ষীয়ে হত্যাকাৰীক নিজৰ জিম্মাত ৰাখি অব্যাহত ৰাখিছে তদন্ত।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ আগনিশা হোজাইত সংঘটিত হোৱা হত্যাকাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি কৰিছে হোজাইত। আনহাতে ঘটনাৰ পিছত থানাত উপস্থিত হোৱা একাংশ বিজেপি কৰ্মীয়ে হত্যাকাৰীক ৰাইজক গতাই দিব লাগে বুলি এক উত্তপ্ত পৰস্থিতি সৃষ্টি কৰে যদিও অতিৰিক্ত আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

The post হোজাইত বিজেপি নেত্ৰীৰ পুত্ৰক দাৰে ঘপিয়াই হত্যা, গ্ৰেপ্তাৰ হত্যাকাৰী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32l4eae
via IFTTT

Comments