প্ৰকাশ পালে ‘সংযোজিত এন আৰ চি’…

  • অপেক্ষাৰ অন্ত পৰিল।
  • প্ৰকাশ পালে ‘সংযোজিত এন আৰ চি’।

কেনেকৈ চাব আপোনাৰ নামঃ

১. (ক) ৩০/০৭/২০১৮ তাৰিখে প্ৰকাশিত সম্পূৰ্ণ খচৰা এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে দাবী প্ৰ-পত্ৰ দাখিল কৰা ব্যক্তিসকলে নাইবা,

(খ) ২৬/০৬/২০১৯ তাৰিখে প্ৰকাশিত অতিৰিক্ত বাদ দিয়া তালিকা মৰ্মে সম্পূৰ্ণ খচৰা এন আৰ চিৰ পৰা বাদ পৰা ব্যক্তিসকলে নাইবা ,

(গ) সম্পূৰ্ণ খচৰা এন আৰ চিত অন্তৰ্ভুক্ত হোৱা যিসকল ব্যক্তিৰ বিৰুদ্ধে আপত্তি দাখিল কৰা হৈছিল সেই ব্যক্তিসকলে-

তেওঁলোকৰ নিৰ্ধাৰিত এন এছ কেত/চক্ৰ বিষয়াৰ কাৰ্যালয়ত/উপায়ুক্তৰ কাৰ্য্যালয়ত চূড়ান্ত এন আৰ চিৰ সংযোজনী অন্তৰ্ভুক্তিৰ তালিকাত তেওঁলোকৰ স্থিতি চাব লাগিব। এই তালিকাখন কেৱল সংযোজনী অন্তৰ্ভুক্তিৰ তালিকা।

(ঘ) এন আৰ এন টাইপ কৰিও অনলাইন চাব পৰা যাব।

২. (ক)(১) ৩০/০৭/২০১৮ তাৰিখে প্ৰকাশিত খচৰা এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা ব্যক্তিসকলে, নাইবা-

(২) ২৬/০৬/২০১৯ তাৰিখে প্ৰকাশিত অতিৰিক্ত বাদ দিয়া তালিকা মৰ্মে সম্পূৰ্ণ এন আৰ চিৰ পৰা বাদ পৰা যিসকল ব্যক্তিক ০৫/০৭/২০১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা কোনো শুনানিত উপস্থিত হ’বলৈ মতা হৈছিল সেইসকল ব্যক্তিয়ে ওপৰৰ ১নং দফাত উল্লেখ কৰা ধৰণে তেওঁলোকৰ অন্তৰ্ভুক্তিৰ স্থিতি চাব পাৰিব।

(খ) ওপৰৰ ২নং দফাত উল্লেখিত সম্পূৰ্ণ খচৰা এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা আৰু অতিৰিক্ত বাদ পৰা তালিকাৰ পৰা বাদ নপৰা যিসকল ব্যক্তিক ০৫/০৭/২০১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা কোনো শুনানিত উপস্থিত থাকিবলৈ মতা হোৱা নাছিল, সেইসকলে তেওঁলোকৰ অন্তৰ্ভুক্তিৰ স্থিতি সম্পৰ্কে চিন্তা কৰিব নালাগে। তেওঁলোকৰ নাম চূড়ান্ত এন আৰ চিত অন্তৰ্ভুক্ত হৈ ৰ’ব।

www.nrcassam.nic.in ৱেবছাইটত উপলব্ধ হ’ব চূড়ান্ত এন আৰ চি। ইয়াৰ লগতে প্ৰকাশ কৰা হৈছে হেল্পলাইন নম্বৰ। জনসাধাৰণৰ যিকোনো সমস্যাত অসমৰ বাবে ১৫১০৭ আৰু বহিঃৰাজ্যৰ বাবে হেল্পলাইন নম্বৰ ১৮০০৩৪৫৩৭৬২।

The post প্ৰকাশ পালে ‘সংযোজিত এন আৰ চি’… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Pu6YjU
via IFTTT

Comments