চাহ কৰ্মচাৰীৰ প্ৰতি মালিক পক্ষৰ অৱহেলা, মঙলদৈ শাখা চাহ কৰ্মচাৰী সংঘৰ ২২ টা গোটৰ স্মাৰকপত্ৰ প্ৰদান…

ডিজিটেল সংবাদ, টংলাঃ ৰাজ্যখনৰ চাহ বাগিছা মালিক পক্ষই বাগিছাসমূহৰ মূল চালিকা শক্তি চাহ কৰ্মচাৰীসকলৰ প্ৰতি চৰম অৱহেলা প্ৰদৰ্শন কৰি অহাৰ অভিযোগত বৃহস্পতিবাৰে ৰাজ্যখনৰ আন প্ৰান্তৰ লগতে দৰং-ওদালগুৰি জিলাৰ ২২ খন চাহ বাগিছাৰ কৰ্মচাৰীসকলে বাগিছা কৰ্তৃপক্ষৰ হাতত পাঁচ দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ অৰ্পণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
অসম চাহ কৰ্মচাৰী সংঘৰ মঙলদৈ চক্ৰৰ অন্তৰ্গত ২২ খন চাহ বাগিছাৰ কৰ্মচাৰী সংঘই কৰ্মচাৰীসকলৰ বেতন বৃদ্ধি কৰা, সময়মতে পদন্নোতি দিয়া, অনুকম্পামূলক নিযুক্তি নীতিৰ সংশোধন ঘটোৱা, অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, খালী পদত নিযুক্তিৰ ব্যৱস্থা কৰাকে ধৰি শ্ৰম আইনৰ অধীনত চাহ কৰ্মচাৰীসকলক প্ৰাপ্য অধিকাৰ প্ৰদান কৰাৰ দাবীত স্মাৰকপত্ৰ অৰ্পণ কৰে ৷ দাবীসমূহ অতিশীঘ্ৰে পূৰণ নকৰিলে চাহ কৰ্মচাৰী সংঘই আৰু অধিক গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি বাগিছা কৰ্তৃপক্ষক সকিয়াই দিয়ে ৷
ৰাজ্যখনৰ শৈক্ষিক, সাংস্কৃতিক, সামাজিক আৰু অৰ্থনৈতিক দিশত বিশেষ বৰঙনি আগবঢ়াই অহা চাহ বাগিছাসমূহৰ মূল চালিকা শক্তি চাহ কৰ্মচাৰীসকল মালিক পক্ষৰ অৱহেলা আৰু বঞ্চণাৰ বলি হৈ আহিছে ৷ চাহ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিকে ধৰি অন্যান্য সা-সুবিধা সন্দৰ্ভত মালিকপক্ষ আৰু চিচিপিএৰ মাজত প্ৰতি তিনি বছৰে চুক্তি সম্পাদিত হোৱাৰ নিয়ম যদিও সম্পাদিত এইবেলি চুক্তিখনৰ ম্যাদ ২০১৮ চনৰ মাৰ্চ মাহতে উকলি যোৱাৰ পিছতো বিগত ১৭ মাহে নতুন চুক্তি সম্পাদন কৰাৰ ক্ষেত্ৰত মালিকপক্ষই মূৰপোলোকা মাৰি বিভিন্ন অজুহাত দেখুৱাই ছবাৰকৈ বৈঠক অনুষ্ঠিত কৰিও কোনো চুক্তি নকৰাৰ উপৰি বিগত জুন মাহত বৈঠকত আমন্ত্ৰণ জনাই বৈঠকত মালিকপক্ষ উপস্থিত নথকা আদি কৰ্ম-কাণ্ডই চাহ কৰ্মচাৰীসকলক অতিষ্ঠ কৰি তোলাৰ পৰিপেক্ষিতত চাহ কৰ্মচাৰী সংঘই আন্দোলন কৰিবলৈ বাধ্য হৈছে বুলি স্মাৰকপত্ৰত উল্লেখ কৰিছে ৷
চি চি পি এ আৰু মালিক পক্ষই এইক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাত চাহ কৰ্মচাৰীসকল মুঠেই আশ্বস্ত নহয় ৷ সেয়ে চাহ কৰ্মচাৰী সংঘই ঘোষণা কৰা এলানি আন্দোলনৰ কাৰ্যসূচীৰ অংশৰূপে আজি ৰাজ্যজুৰি স্মাৰকপত্ৰ অৰ্পণৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ একেদৰে ২ ছেপ্তেম্বৰ আৰু ৯ ছেপ্তেম্বৰত তিনিদিনীয়াকৈ বাগিছা কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী, ১৬ ছেপ্তেম্বৰত প’ষ্টাৰিং, ১৭ ছেপ্তেম্বৰত কৰ্ম বিৰতি আৰু ২৬ ছেপ্তেম্বৰত ১২ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে ৷
The post চাহ কৰ্মচাৰীৰ প্ৰতি মালিক পক্ষৰ অৱহেলা, মঙলদৈ শাখা চাহ কৰ্মচাৰী সংঘৰ ২২ টা গোটৰ স্মাৰকপত্ৰ প্ৰদান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2UaJejz
via IFTTT
Comments
Post a Comment