প্ৰধানমন্ত্ৰীৰ সৈতে চন্দ্ৰযান-২ৰ অৱতৰণৰ দৃশ্যৰাজী চাবলৈ সুযোগ লাভ কৰিলে মেধাৱী ছাত্ৰী ৰাশিয়ে…

ডিজিটেল ডেস্কঃ লক্ষ্ণৌৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে অহা ৭ ছেপ্টেম্বৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলগীয়া চন্দ্ৰযান-২ৰ অৱতৰণ পৰ্বৰ সমগ্ৰ দৃশ্যৰাজী ইছৰ’ৰ বিজ্ঞানীসকলৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে উপভোগ কৰিব। এই দৃশ্যৰাজী চাবলৈ নিৰ্বাচিত হোৱা ছাত্ৰ-ছাত্ৰীৰ এটা দলৰ এজন সদস্য হ’বলৈ সক্ষম হোৱা লক্ষ্ণৌৰ এই ছাত্ৰীগৰাকীৰ নাম ৰাশি বৰ্মা।

ইছৰ’ৱে মহাকাশ অধ্যয়ণ প্ৰযু্ক্তি বিষয়ত অনুষ্ঠিত কৰা এলানী সৰ্বভাৰতীয় কুইজ প্ৰতিযোগিতাৰ উত্তীৰ্ণ হৈ চন্দ্ৰযান-২ৰ অৱতৰণৰ বিৰল মুহুৰ্ত এনেদৰে প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছে এই মেধাৱী ছাত্ৰীগৰাকীয়ে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ আগত ৰাশি বাৰ্মাই কয় যে, ‘মই প্ৰধানমন্ত্ৰী মোডীৰ সৈতে কথা পাতিবলৈ সুযোগ লাভ কৰিম। সেয়েহে মই বহু আনন্দিত। মোক ফোনযোগে জনোৱা হৈছিল এই কথা।  ইছৰ’ৰ তৰফৰ পৰা অহা এই ফোনটোৰ কথা মোৰ পিতৃ-মাতৃক কোৱাৰ পাছত তেওঁলোকেও বহু উৎসাহী হৈ পৰে।

উল্লেখ্য যে, চেৰাপুঞ্জীৰ আন এজন ছাত্ৰই লাভ কৰিছে এই সুযোগ। এই সৌভাগ্যৱান ছাত্ৰজনৰ নাম ৰিবাইট ফাৱা। এইগৰাকী ছাত্ৰই অহা ৭ ছেপ্তেম্বৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলগীয়া চন্দ্ৰযান-২ৰ অৱতৰণ পৰ্বৰ সমষ্ট দৃশ্যৰাজী উপভোগ কৰিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ’)ৰ বিজ্ঞানীসকলৰ লগতে স্বয়ং দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে।

The post প্ৰধানমন্ত্ৰীৰ সৈতে চন্দ্ৰযান-২ৰ অৱতৰণৰ দৃশ্যৰাজী চাবলৈ সুযোগ লাভ কৰিলে মেধাৱী ছাত্ৰী ৰাশিয়ে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MP6p1U
via IFTTT

Comments