তদন্তত সহযোগ কৰা নাই! ৫ চেপ্তেম্বৰলৈ পুনৰ চিবিআইৰ জিম্মালৈ প্ৰেৰণ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমক

ডিজিটেল ডেস্কঃ আইএনএক্স মিডিয়া কেলেংকাৰী গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰা প্ৰাক্তন বিত্তমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰক পুনৰ ৫ চেপ্তেম্বৰলৈ চিবিআইৰ জিম্মাত প্ৰেৰণ কৰিছে দিল্লীৰ ৰাউছ এভিনিউৰ বিশেষ আদালতে। শুকুৰবাৰে আদালতে আইএনএক্স মিডিয়া কেলেংকাৰী গোচৰৰ শুনানি গ্ৰহণ কৰাৰ সময়ত চিবিআইৰ হৈ এএছজি কে এম নটৰাজনে পি চিদাম্বৰক পুনৰ ৫ দিনৰ জিম্মাত বিচাৰি আবেদন জনায়।

চিবিআইৰ এএছজি নটৰাজনে প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীক পুনৰ জিম্মাত বিচৰাৰ কাৰণ দৰ্শাই কয় যে চিদাম্বৰমে গোচৰৰ তদন্তত সহযোগ আগবঢ়োৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ আৰু কিছু সোধা পোছা কৰাৰ প্ৰয়োজন আছে। চিবিআইৰ আবেদনৰ পিছত আদালতে গোচৰৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভত চিবিআইৰ পৰা উত্তৰ বিচাৰে।

ইফালে প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে তেওঁক চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰাৰ বিৰোধিতা কৰি কয় যে তেওঁক ইতিমধ্যে ৫৫ ঘণ্টাধৰি সোধা পোছা কৰা হৈছে। তেওঁক ৪০০টা প্ৰশ্ন সোধা হৈছে। কিন্তু একেবোৰ প্ৰশ্নকেই তেওঁক বাৰে বাৰে সোধা বুলিও আদালতক কয় চিদাম্বৰমে। তেওঁ কয় যে তেওঁৰ বিৰুদ্ধে অভিযোগৰ প্ৰমাণ কৰিব পৰাকৈ এখনো কাগজ তেওঁক দেখুওৱা হোৱা নাই। চিবিআইয়ে ভিত্তীহীন ভাৱেই তেওঁক সোধা পোছা চলাই থকা বুলিও কয় প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীয়ে।

The post তদন্তত সহযোগ কৰা নাই! ৫ চেপ্তেম্বৰলৈ পুনৰ চিবিআইৰ জিম্মালৈ প্ৰেৰণ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32jgk3h
via IFTTT

Comments