স্বামীৰ ভালপোৱাত অতীষ্ঠ মহিলাৰ বিবাহ বিচ্ছেদ বিচাৰি আদালতত আবেদন! ক’লে- তেওঁৰ প্ৰেমে মোৰ জীৱন নৰক কৰি পেলাইছে

ডিজিটেল ডেস্কঃ বৈবাহিক জীৱনত সৰু সৰু কথাতে সংঘটিত বিবাদৰ ফলত পতি-পত্নীৰ মাজত বিবাহ বিচ্ছেদ হোৱা নিশ্চয় আপুনি শুনিছে। কিন্তু ভালপোলা আৰু আদৰত অতীষ্ঠ হৈ যদি কোনোবাই বিবাহ বিচ্ছেদৰ দৰে সিদ্ধান্ত লয়, সেয়া জানি আপুনিও আচৰিত নহ’বনে? কিন্তু অবিশ্বাস্য হ’লেও এনে এক ঘটনাই সংঘটিত হৈছে ইউনাইটেড আৰবত।

‘খলীজা টাইমছ’ নামৰ আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰি অনুসৰি এগৰাকী মহিলাই স্বামীৰ প্ৰেম, ভালপোৱা আৰু যত্নত অতীষ্ট হৈ বিবাহ বিচ্ছেদ বিচাৰি আদালতৰ দাৰস্থ হৈছে। ছৰিয়া আদালতত মহিলাগৰাকীয়ে বিবাহ বিচ্ছেদৰ আবেদন কৰি জনাইছে তেওঁক তেওঁৰ স্বামীয়ে যথেষ্ট ভাল পায়। সেই ভালপোৱাৰ বাবেই এতিয়া নৰকসদৃশ হৈ পৰিছে তেওঁৰ জীৱন।

‘মই কাজিয়া কৰিব বিচাৰো। অন্য মহিলাৰ দৰেই ময়ো স্বামীক খং কৰিব বিচাৰো। কিন্তু তেওঁ মোক সেই সুযোগেই নিদিয়ে। সকলো সময়তে তেওঁ মোৰ যত্ন ৰাখে। ঘৰুৱা কামত মোক সহায় কৰি দিয়ে। মই খং কৰিব বিচাৰিলে তেওঁ হাঁহে। সদায় নতুন নতুন উপহাৰেৰে মোক বুৰাই পেলায়। এইবোৰে মোক অতীষ্ঠ কৰি তুলিছে। মোৰ বাবে স্বামীৰ ভালপোৱা এতিয়া বিষময় হৈ পৰিছে।’ -এইদৰে কয় মহিলাগৰাকীয়ে।

মহিলাগৰাকীয়ে বিবাহ বিচ্ছেদৰ কাৰণ দৰ্শাই পুনৰ কয়, ‘মোৰ স্বামী ৰোমান্টিক। তেওঁৰ আচৰণ, চৰিত্ৰ ক’তো একো ভুল কোনেও বিচাৰি উলিয়াব নোৱাৰে। কিন্তু মই বিচাৰো কাজিয়া। সংসাৰখন আগুৱাই নিয়াত মৰমৰ লগতে বিচাৰো অলপ অভিমানো। মই তেওঁৰ সৈতে তৰ্ক কৰিব বিচাৰো। সেইবাবেই এতিয়া মই তেওঁৰ পৰা আতৰি যোৱাৰ সিদ্ধান্ত লৈছো।’ উল্লেখ্য যে, মহিলাগৰাকীয়ে তেওঁলোকৰ বিবাহৰ এবছৰ পিছতে বিবাহ বিচ্ছেদ বিচাৰি আদালতৰ দাৰস্থ হয়। অৱশ্যে আদালতে মহিলাগৰাকীৰ এই আবেদন খাৰিজ কৰি দুয়োকে বুজাপৰাৰ মাজেৰে আগবাঢ়বলৈ পৰামৰ্শ দিয়ে।

The post স্বামীৰ ভালপোৱাত অতীষ্ঠ মহিলাৰ বিবাহ বিচ্ছেদ বিচাৰি আদালতত আবেদন! ক’লে- তেওঁৰ প্ৰেমে মোৰ জীৱন নৰক কৰি পেলাইছে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Zvx5uk
via IFTTT

Comments