এন আৰ চিঃ নাম বাদ পৰা সকলে ১০০০ ন্যায়াধীকৰণত জনাব পাৰিব আৱেদন, সময়সীমা ১২০ দিন…

ডিজিটেল ডেস্কঃ দীৰ্ঘদিনৰ অপেক্ষাৰ অন্ত পেলাই প্ৰকাশ হ’ল চূড়ান্ত এন আৰ চি। ২০১৩চনত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আৰম্ভ হৈছিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম। ১৯৭১চনৰ ২৪ মাৰ্চৰ মাজনিশাৰ আগলৈকে যিসকল লোক ভাৰত তথা অসমৰ নাগৰিক আছিল সেই সকল লোকৰ নাম সন্নিবিষ্ট হৈছে এন আৰ চিত।
২০১৫চনৰ মে’ মাহৰ শেষৰ ফালে আৰম্ভ হৈছিল এন আৰ চিৰ আৱেদনগ্ৰহণ প্ৰক্ৰিয়া। আৰু অন্ত পৰিছিল সেই বৰ্ষৰে ৩১ আগষ্টত এই প্ৰক্ৰিয়া। মুঠ ৬৮,৩৭,৬৬০খন আৱেদন পত্ৰত ৩,৩০,২৭,৬৬১জন লোকে আৱেদন কৰিছিল।
তাৰ পাছতেই পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। সমগ্ৰ ৰাজ্যতে ৰাজ্যচৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল এই কাৰ্যত নিয়োজিত হৈছিল। এই কাৰ্যত নিয়োজিত ৫২হাজাৰ চৰকাৰী বিষয়াৰ কষ্ট আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপ তথা ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ চেষ্টাৰ অন্তত শনিবাৰে ৰাজ্যবাসীয়ে পালে চূড়ান্ত এন আৰ চি।
শনিবাৰে প্ৰকাশ পোৱা এন আৰ চিত মুঠ অন্তৰ্ভুক্ত হোৱা লোকৰ সংখ্যা ৩,১১,২১,০০৪জন। ইফালে, ১৯,০৬,৬৫৭ জন লোক এই চূড়ান্ত এন আৰ চিত বাদ পৰে। উল্লেখ্য যে, ২০১৮চনৰ ৩০ জুলাইত ২,৮৯,৮৩,৬৭৭জন সদস্য অন্তৰ্ভুক্তিৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত প্ৰকাশ পাইছিল এন আৰ চিৰ সম্পূৰ্ণ খচৰা।
খচৰাত বাদ পৰা আৱেদনকাৰীৰ পৰা মুঠ ৩৬,২৬,৬৩০জন লোকৰ দাবী পত্ৰ লাভ কৰিছিল এন আৰ চি কৰ্তৃপক্ষই। পৰৱৰ্তী সময়ত এই বৰ্ষৰে ২৬জুনত এন আৰ চিৰ অতিৰিক্ত খচৰা প্ৰকাশ কৰা হৈছিল। য’ত সন্নিৱিষ্ট হৈছিল ১,০২,৪৬২জন সদস্য।
শনিবাৰে এন আৰ চি কৰ্তৃপক্ষই প্ৰকাশ কৰা চূড়ান্ত এন আৰ চিৰ তালিকাৰ প্ৰতিলিপি এন আৰ চি সেৱা কেন্দ্ৰ, ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় তথা জিলা উপায়ুক্ত কাৰ্যালয়ত কোনো লোকে চাব পাৰিব। উল্লেখ্য যে, www.nrcassam.nic.inত অনলাইন যোগেও চাব পাৰিব।
তদুপৰি, এই তালিকাত কোনো লোকৰ নাম অন্তৰ্ভুক্ত নহ’লে তেওঁলোকে বিদেশী ন্যায়াধীকৰণত আপিল কৰিব পাৰিব। ইয়াৰ বাবে ইতিমধ্যে স্থাপন কৰা হৈছে অতিৰিক্ত ন্যায়াধীকৰণ। ১২০দিন পৰ্যন্ত কোনো লোকে ন্যায়াধীকৰণত এই সন্দৰ্ভত আপিল কৰিব পাৰিব। পূৰ্বে সময়সীমা আছিল ৬০দিন। ন্যায়াধীকৰণৰ সংখ্যাও বৃদ্ধি কৰা হৈছে ১০০০টালৈ। বৰ্তমান ন্যায়াধীকৰণৰ সংখ্যা ৰাজ্যত ১০০টা। উল্লেখ্য যে, ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহতে নতুনকৈ ২০০ ন্যায়াধীকৰণ স্থাপন কৰাৰ কথাও কেন্দ্ৰ চৰকাৰে জানিবলৈ দিছে।
The post এন আৰ চিঃ নাম বাদ পৰা সকলে ১০০০ ন্যায়াধীকৰণত জনাব পাৰিব আৱেদন, সময়সীমা ১২০ দিন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NGJsxu
via IFTTT
Comments
Post a Comment