গুৱাহাটী ৰে’লৱে ষ্টেচনত ৩০ কিলোগ্ৰাম গাঞ্জাসহ এজনক আটক

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ পল্টনবজাৰ ৰে’লৱে ষ্টেচনত শুকুৰবাৰে পুৱা প্ৰায় ৭.৪০ বজাত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন যুৱকক ৰে’ল আৰক্ষীয়ে আটক কৰে। ধৃত সৰবৰাহকাৰীটো ৰোপন মিঞা বুলি ৰে’লৱে আৰক্ষীয়ে জানিবলৈ দিছে।
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা ত্ৰিপুৰালৈ বিক্ৰীৰ বাবে নিবলৈ চেষ্টা চলাইছিল গাঞ্জাখিনি। পুৱা ষ্টেচনত ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছৰ পৰা ৰে’ল আৰক্ষীয়ে চলোৱা তালাচীত ১৯ বছৰীয়া যুৱকজনৰ পৰা এই গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে গাঞ্জাখিনি বজাৰ মূল্য প্ৰায় ডেৰ লাখ টকা বুলি সূত্ৰই জনাইছে।
The post গুৱাহাটী ৰে’লৱে ষ্টেচনত ৩০ কিলোগ্ৰাম গাঞ্জাসহ এজনক আটক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZzA15b
via IFTTT
Comments
Post a Comment