পুৰণিগুদামৰ জলাহগাঁৱত চুৰিকাণ্ড…

ডিজিটেল সংবাদ,চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অধীনৰ জলাহগাঁৱত যোৱা নিশা এক চুৰি কাণ্ড সংঘটিত হয় ।ঘটনা সন্দৰ্ভত জানিব পৰা মতে জলাহগাঁৱৰ মদন শইকীয়াৰ পুত্ৰ অভিজিৎ শইকীয়াই নিশা ৯মান বজাত বজাৰ কৰি নিজ গৃহলৈ ঘূৰি আহি নিজৰ মটৰ চাইকেলখন পদুলিতে ৰাখে ।কিছু সময়ৰ বাবে মটৰ চাইকেল খন বাহিৰতে ৰাখি যুৱকজন ভিতৰলৈ যোৱাৰ সুযোগতে চোৰৰ এটা দলে এ এছ০২ জে ১০৬২ নম্বৰৰ ৰঙা আৰু ক’লা ৰঙৰ পালচাৰ মটৰ চাইকেল খন চুৰি কৰি লৈ যায় ।
পাছত যুৱকজন উলাই আহি মটৰ চাইকেলখন নাপায় পুৰণিগুদাম আৰক্ষী চকীত মটৰ চাইকেলখন চুৰি হোৱা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰে ।ইতিমধ্য উক্ত গোচৰৰ ভিত্তিত পুৰণিগুদাম আৰক্ষীয়ে মটৰ চাইকেলখনৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমান পৰ্যন্ত কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই ।উল্লেখ্য যে ইয়াৰ পূৰ্বেও পুৰণিগুদাম জলাহ আৰু হালোৱাগাঁৱৰ পৰা কেইবাখনো মটৰ চাইকেল চুৰি হোৱা ঘটনাই সম্প্ৰতি অঞ্চলটোৰ ৰাইজক আতংকিত কৰি তুলিছে ।
The post পুৰণিগুদামৰ জলাহগাঁৱত চুৰিকাণ্ড… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2La7Qov
via IFTTT
Comments
Post a Comment