‘সেয়া মোৰ আৱেগিক সিদ্ধান্ত আছিল’, সদ্য অৱসৰ লোৱা এজন ভাৰতীয় খেলুৱৈ পুনৰ আহিব বিচাৰে দললৈ

ডিজিটেল ডেস্কঃ ‘সেয়া মোৰ আৱেগিক সিদ্ধান্ত আছিল। মই পুনৰ সকলো ধৰণৰ ক্ৰিকেট খেলিব বিচাৰো।’ অৱসৰ ঘোষণা কৰাৰ দুমাহৰ পিছতে ক্ৰিকেট বিশ্বত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ অম্বাতি ৰাইডুৰ এটা মেইলে খলকণি তুলিছে। খেলুৱৈগৰাকী পুনৰ খেলপথৰাত নামিব বিচাৰিছে। হায়দৰাবাদক প্ৰতিনিধিত্ব কৰি তেওঁ পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ উভতি আহিব বিচৰাৰ কথা ৰাজহুৱা কৰিছে।
হায়দৰাবাদ ক্ৰিকেট সন্থালৈ অম্বাতি ৰাইডুৱে এটা মেইল প্ৰেৰণ কৰি এই কথা জানিবলৈ দিয়া বুলি প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত। ৩৩ বছৰীয়া খেলুৱৈগৰাকীক হায়দৰাবাদ ক্ৰিকেট সন্থাই সেউজ সংকেটো দিছে। হ’বলগীয়া ৰঞ্জী ট্ৰফীৰ বাবে দলত তেওঁৰ প্ৰয়োজন আছে বুলিও জানিবলৈ দিছে সন্থাই।
ইয়াৰ লগতে ভাৰতীয় দলৰ বাবে খেলাৰ সমান্তৰালকৈ আই পি এলটো খেলিব বিচাৰে ৰায়ডুৱে। উল্লেখ্য যে, সদ্য সমাপ্ত বিশ্বকাপ ক্ৰিকেটত খেলাৰ বাবে মূল বাচনি তালিকাত নাম থকাৰ পিছতো ভাৰতীয় খেলুৱৈ বাচনি কৰাৰ সময়ত তেওঁক সুযোগ দিয়া হোৱা নাছিল। বিজয় শংকৰে আঘাত পোৱাৰ সময়তো মায়াংক আগৰৱালক খেলাৰ বাবে সুযোগ দিয়া হৈছিল। তাৰ পিছতেই অৱসৰৰ কথা ঘোষণা কৰিছিল ভাৰতীয় খেলুৱৈগৰাকীয়ে।
The post ‘সেয়া মোৰ আৱেগিক সিদ্ধান্ত আছিল’, সদ্য অৱসৰ লোৱা এজন ভাৰতীয় খেলুৱৈ পুনৰ আহিব বিচাৰে দললৈ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZraaBa
via IFTTT
Comments
Post a Comment