পাকিস্তানে ভাৰতৰ বাবে আকাশী পথ বন্ধ কৰা নাইঃ পাক বিদেশমন্ত্ৰী

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰক লৈ অচিৰেই যুদ্ধ হব বুলি ঘোষণা কৰা পাকিস্তানে শেহতীয়াকৈ সলনি কৰিছে সুৰ। কেইটামান দিনৰ পূৰ্বে পাকিস্তানে ভাৰতৰ বাবে আকাশী পথ বন্ধ কৰাৰ খবৰ প্ৰচাৰৰ পাছতে বৃহস্পতিবাৰে পাক বিদেশমন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে এই খবৰ মিছা বুলি মন্তব্য কৰে।

বিদেশ মন্ত্ৰীজনে জনায় যে এই বিষয়ৰ সন্দৰ্ভত এতিয়ালৈকে পাক চৰকাৰে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। লগতে তেও কয় এনে বিষয়ত পাক চৰকাৰে পৰ্যালোচনা কৰিহে সিদ্ধান্তগ্ৰহণ কৰে। অৱশ্যে বিষয়টো কিছুদিনৰ পূৰ্বে কেবিনেটত আলোচনা হোৱাৰ কথা ব্যক্ত কৰে বিদেশ মন্ত্ৰীজনে।

The post পাকিস্তানে ভাৰতৰ বাবে আকাশী পথ বন্ধ কৰা নাইঃ পাক বিদেশমন্ত্ৰী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32ePfP4
via IFTTT

Comments