তামিলনাডুত প্ৰাণৰ শংকাত ভূগা অসমৰ ১৩ যুৱক উদ্ধাৰ! নিশা ৰে’লেৰে উভতিব ঘৰলৈ

  • তামিলনাডুত একপ্ৰকাৰ পণবন্দী হৈ থকা ১৩ জন যুৱক গৃহমুখী হ’ব আজি।
  • স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত ঘৰলৈ উভতিব মঙলবাৰৰ নিশাৰ ৰে’লত।
  • অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ খবৰৰ পাছতেই বিশেষ তৎপৰতা অসম আৰক্ষীৰ।
  • তামিলনাডুৰ গংগা নগৰৰ এটা ভাড়াঘৰত আবদ্ধ হৈ আছিল যুৱক ১৩ গৰাকী।
  • এই সন্দৰ্ভত সবিস্তাৰে খবৰ প্ৰকাশ পাইছিল অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত সোমবাৰে নিশা।
  • এটা কোম্পানীত কাম কৰাবলৈ যুৱক কেইজনক নিছিল অসমৰ ঠিকাদাৰে।
  • আলম, বিণু চৌধুৰী, ৰুবুল আলী নামৰ শিলচৰৰ ব্যক্তি কেইজনে যুৱক কেইজনক নিছিল তামিলনাডুলৈ।
  • কামৰ বিনিময়ত পইচা দিয়া নাছিল দুমাহ ধৰি।
  • ঘৰলৈ উভতিব খোজা যুৱক কেইজনক ওলোটাই বিচাৰিছিল ধন।
  • প্ৰতিজন যুৱকৰ পৰা বিচাৰিছিল ২ লাখকৈ টকা।
  • এই অভিযোগ তামিলনাডুত এটা ঘৰত আবদ্ধ হৈ থকা যুৱক ১৩ গৰাকীৰ পৰিয়ালৰ।
  • যুৱক কেইজনক ৰুমৰ ভিতৰত আবদ্ধ কৰি প্ৰাণে মৰাৰ ভাবুকি দিছিল সেই ঠিকাদাৰ কেইজনে।
  • কেইবাজনো যুৱকক শাৰিৰীকভাৱে প্ৰহাৰো কৰিছিল।
  • তামিলনাডুৰ স্থানীয় আৰক্ষীয়ে সেই দুষ্ট চক্ৰটোৰ পৰা যুৱক কেইজনক উদ্ধাৰ কৰাৰ পাছত এটা ভাড়াঘৰত আশ্ৰয় লৈ আছিল যুৱককেইজনে।
  • তামিলনাডু এৰিলে তেওঁলোকক হত্যাৰ ভাবুকি দিছিল ঠিকাদাৰ কেইজনে।
  • অসম আৰক্ষী আৰু মুখ্যমন্ত্ৰীৰ সহায় বিচাৰি ভিডিঅ’ প্ৰেৰণ কৰিছিল পৰিয়াললৈ যুৱক কেইজনে।
  • তাত আবদ্ধ হৈ এজন যুৱকৰ সৈতে প্ৰত্যক্ষ যোগাযোগ ৰাখিছিল অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে।
  • আবদ্ধ কৰি থোৱা যুৱককেইজনৰ ১০ জন আছিল চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ।
  • ৩ জন আছিল পশ্চিমবংগৰ যুৱক।
  • অনুৰুদ্ধ পানকাৰ, বিকাশ পানকাৰ, ইন্দ্ৰজিত পানকাৰ, লৱ শৰীয়া, কৈলাশ পানকাৰ, কৰ্ণ মাজুৱা, সুভাষ লিম্বু, তোপেন পানকাৰকে ধৰি আটাইকেইজন যুৱক বৰ্তমান সুৰক্ষিত।
  • বৰ্তমান তেওঁলোক আহি উপস্থিত হৈছিল বাংগালুৰুৰ য়ছৱন্তপুৰ ৰে’লৱে ষ্টেছনত।
  • এটা সেনাৰ দৰে সহায় কৰিছে যুৱককেইজনক।
  • স্থানীয় এগৰাকী আৰক্ষী বিষয়াইও যুৱক কেইজনক ঘৰলৈ অহাৰ সকলো ব্যৱস্থা কৰাত সহায় কৰিছে।
  • মঙলবাৰে নিশা ৰে’লেৰে এই দলটো উভতিব অসমলৈ।
  • যুৱক কেইজনক নিৰ্যাতন চলোৱা শিলচৰৰ আলম, বিণু চৌধুৰী, ৰুবুল আলী বৰ্তমান পলাতক।

The post তামিলনাডুত প্ৰাণৰ শংকাত ভূগা অসমৰ ১৩ যুৱক উদ্ধাৰ! নিশা ৰে’লেৰে উভতিব ঘৰলৈ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Zx9gOJ
via IFTTT

Comments