শত্ৰু চুবুৰীয়া! ধাৰা ৩৭০ বিলুপ্তিৰ পিছত ২২২ বাৰ এলঅ’চিত যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ

ডিজিটেল ডেস্কঃ পাকিস্তান ভাৰতৰ কেতিয়াও মিত্ৰ ৰাষ্ট্ৰ হ’ব নোৱাৰে। সেয়া বাৰাম্বাৰ প্ৰমাণ কৰিছে পাকিস্তানে। বিভিন্ন কাৰণত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ এই শত্ৰুতা ভাৰত চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ধাৰা ৩৭০ বিলুপ্তিৰ পৰা যেন অধিক তীব্ৰ হৈ পৰিছে। পাকিস্তানে ভাৰতৰ প্ৰতি বিদ্ধেষমূলক ভাৱেৰে কূটনৈতিক, বানিজ্যিক সম্পৰ্ক ছেদ কৰাৰ পিছতে শেহতীয়াকৈ ভাৰতীয় বিমান উৰণৰ বাবে পাকিস্তানৰ আকাশ পথ ব্যৱহাৰতো নিষেধাজ্ঞা জাৰি কৰিছে পাকিস্তানে।

অন্যহাতে জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বিলুপ্তিৰ পিছত জম্মু-কাশ্মীৰত ২২২ বাৰ যুদ্ধ বিৰতি উলংঘন কৰিছে পাকিস্তানে। ভাৰত-পাক সীমান্তত অহৰহ গুলীচালনা কৰি পাক ৰেজাঞ্জে সীমান্তত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰি ৰাখিছে। অৱশ্যে পাক সেনাৰ এনে উচিত প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাইও।

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা এক তথ্য অনুসৰি চলিত বছৰত ১৯০০ বাৰ যুদ্ধ বিৰতি উলংঘন কৰিছে পাকিস্তানে। ইয়াৰে ৩৭০ ধাৰা বিলুপ্তিৰ ২৫ দিনৰ ভিতৰতে সংঘটিত কৰিছে ২২২ বাৰ যুদ্ধ বিৰতি উলংঘন। ৫ আগষ্টৰ পৰা গড়ে ১০ বাৰকৈ পাক সেনাই যুদ্ধ বিৰতি উলংঘন কৰি ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰিছে। অন্যহাতে কেৱল জুলাই মাহতেই যুদ্ধবিৰতি উলংঘনৰ ঘটনা হৈছে ২৯৬টা।

The post শত্ৰু চুবুৰীয়া! ধাৰা ৩৭০ বিলুপ্তিৰ পিছত ২২২ বাৰ এলঅ’চিত যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MLBzHE
via IFTTT

Comments